শিৱসাগৰঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশত কঠোৰ হৈছে এতিয়া নিৰ্বাচন আয়োগ ৷ লোকসভা নিৰ্বাচনৰ ভোটদানৰ আগদিনা আৰু ভোটদানৰ দিনা বাতৰি কাকতত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশত যথেষ্ঠ কঠোৰ হৈছে ভাৰতীয় নিৰ্বাচন আয়োগ । উক্ত দুয়ো দিনত প্ৰকাশ পাবলগীয়া ৰাজনৈতিক বিজ্ঞাপনসমূহ ৰাজ্যিক অথবা জিলা পৰ্য্যায়ৰ এম চি এম চি ৰ পৰা প্ৰাৰম্ভিক প্ৰমাণপত্ৰ ল’ব লাগিব। উল্লেখযোগ্য যে, ভাৰতৰ নিৰ্বাচনী আয়োগৰ অধীনস্থ সচিব ৰাজেশ কুমাৰ সিঙে ১ এপ্ৰিলত পত্ৰ নং ৪৯১/এম চি এম চি /৪/২০২৪/কমিউনিকেচন যোগে ভাৰতৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকললৈ এক নিৰ্দেশনা প্ৰদান কৰিছে । পত্ৰ যোগে কোৱা হৈছে যে, এনে বহু বিজ্ঞাপনে নিৰ্বাচনত জনসাধাৰণক বিপথে পৰিচালিত কৰে আৰু নিৰপেক্ষ ভোটদানত বাধাৰ সৃষ্টি কৰে । সেয়ে ভাৰতীয় সংবিধানৰ আৰ্টিকল ৩২৪ অনুযায়ী নিৰ্বাচন আয়োগে পূৰ্বে অনুমতি নোলোৱা যিকোনো ৰাজনৈতিক বিজ্ঞাপন ভোটদানৰ আগদিনা আৰু ভোটদানৰ দিনা বাতৰি কাকতত প্ৰকাশ কৰাটো নিষিদ্ধ কৰিছে। উক্ত দুয়ো দিনা প্ৰকাশ পাবলগীয়া বিজ্ঞাপনসমূহ প্ৰকাশৰ দুদিন পূৰ্বেই ৰাজ্যিক অথবা জিলা পৰ্য্যায়ৰ এম চি এম চি ৰ দ্বাৰা প্ৰকাশৰ বাবে অনুমতি ল’বই লাগিব। প্ৰথম পৰ্য্যায়ৰ ১৯ এপ্ৰিলৰ ভোটদানৰ ক্ষেত্ৰত এই নিয়ম ১৮ আৰু ১৯ এপ্ৰিল তাৰিখে প্ৰযোজ্য হ’ব ৷৷