নতুন দিল্লী, ১২ আগষ্ট। বিহাৰ চৰকাৰ গঠনক লৈ বিজেপিৰ মন্তব্য। শুকুৰবাৰে বিহাৰৰ জেডি(ইউ)-আৰজেডি মিত্ৰজোঁট চৰকাৰক বিজেপিয়ে তীব্ৰ্র আক্ৰমণ কৰি কয় যে নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ শাসনত ৰাজ্যখনত ইতিমধ্যে অৰাজকতা আৰম্ভ হৈছে। শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই কয় যে সমগ্ৰ বিহাৰত চুৰি, হত্যা, ধৰ্ষণ, লুণ্ঠন ব্যাপকভাৱে চলি আছে। জেডি-ইউ আৰু আৰজেডিৰ মিত্ৰজোঁট চৰকাৰ গঠন হোৱাৰ পিছত ৰাজ্যখনত দ্ৰুত গতিত অপৰাধৰ ঘটনা সংঘটিত হৈছে। ১০ আগষ্টত বিহাৰত এজন সাংবাদিকক গুলীয়াই হত্যা কৰা হয়। ১১ আগষ্টত আন এজন সাংবাদিকক হত্যা কৰা হয় আৰু এজন পুৰোহিতক ডিঙি কাটি নিৰ্মমভাৱে হত্যা কৰা হয়। পশ্চিম চম্পাৰণ জিলাত এগৰাকী ১২ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল। ১১ আগষ্টত পাটনাৰ এক গাড়ীৰ শ্ব'ৰুমত এক বৃহৎ ডকাইতি সংঘটিত হৈছিল আৰু একেদিনাই ছপ্ৰাত বিষাক্ত সুৰা সেৱনৰ ফলত ৬ জন লোকৰ মৃত্যু হৈছিল। পাত্ৰই লগতে কয় যে নকল সুৰা সেৱনৰ ফলত ছপ্ৰাত আগতে ১৩ জন আৰু নীতিশ কুমাৰৰ ঘৰুৱা খেলপথাৰ নালন্দাত ১০ জন লোকৰ মৃত্যু হৈছিল। তেওঁ কৈছিল যে বিহাৰত বিশৃংখলতা দ্ৰুতগতিত বিয়পি পৰিছে।

তেজস্বী যাদৱে ২০২০ চনত কৈছিল যে যদি তেওঁলোকে চৰকাৰ গঠন কৰে তেন্তে তেওঁলোকে ১০ লাখ চাকৰি দিব। এতিয়া তেওঁ চৰকাৰ গঠন কৰাত ১০ লাখ চাকৰিৰ কি হ'ব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে তেওঁ এতিয়াও মুখ্যমন্ত্ৰী হোৱা নাই। তেওঁ কৈছিল যে যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হ'ব তেতিয়া চাকৰি দিব।