নতুন দিল্লী, ১২ আগষ্ট। মহাৰাষ্ট্ৰ বিজেপিৰ নতুন মুৰব্বী হ'ল চন্দ্ৰশেখৰ বাৱানকুলে। ভাৰতীয় জনতা পাৰ্টীয়ে মহাৰাষ্ট্ৰত এক সাংগঠনিক পৰিৱৰ্তনত চন্দ্ৰশেখৰ বাৱানকুলেক ৰাজ্যিক সভাপতি হিচাপে নিযুক্ত কৰিছে। ৰাজ্যখনৰ চন্দ্ৰকান্ত পাটিলৰ স্থানত তেওঁক সংগঠনটোৰ দায়িত্ব দিয়া হৈছে।

বিজেপি সভাপতি জে পি নাড্ডাই শুকুৰবাৰে মহাৰাষ্ট্ৰত সাংগঠনিক নিযুক্তিৰ অনুমোদন জনাইছিল আৰু ৰাজ্যিক সভাপতিৰ দায়িত্ব চন্দ্ৰশেখৰ বাৱানকুলেক হস্তান্তৰ কৰিছিল। বাৱানকুলে মহাৰাষ্ট্ৰ বিধান পৰিষদৰ সদস্য।

ইয়াৰ লগতে, বিধায়ক আশীষ শ্বেলাৰক মুম্বাই মেট্ৰ'পলিটানৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। এই তথ্য প্ৰদান কৰি বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিঙে কয় যে এই নিযুক্তিসমূহ তাৎক্ষণিক ভাৱে কাৰ্যকৰী কৰা হৈছে। ৰাজ্যিক কংগ্ৰেছৰ সভাপতি চন্দ্ৰকান্ত পাটিলে শেহতীয়াকৈ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। ইয়াৰ বাবে ৰাজ্যখনত এজন নতুন ৰাজ্যিক সভাপতি নিযুক্ত কৰা হৈছে।