দৰং জিলাৰ,প্ৰশাসনৰ উদ্যোগত অতুল শৰ্মাৰ সৎকাৰ সম্পূৰ্ণ হ'ল মঙলদৈ ৰাজহুৱা শ্মশানত।
মঙলদৈ পটালসিং পাৰাৰ অতুল শৰ্মাৰ মৃতদেহ পুতি থোৱাৰ পৰা প্ৰশাসনে উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত প্ৰশাসনে সৎকাৰৰ বাবে মঙলদৈ কৰিম চকৰ ৰাজহুৱা শ্মশানলৈ লৈ আনে। প্ৰশাসনে সৎকাৰৰ ব্যৱস্থা কৰিছে।
কৰ্মসূত্ৰে পঞ্জাৱত থকা পুত্ৰ প্ৰাঞ্জল শৰ্মা ইতিমধ্যে আহি শ্মশানত উপস্থিত হৈছে। পুত্ৰ প্ৰাঞ্জলে দেউতাক অতুল শৰ্মাৰ চিতাত অগ্নি সংযোগ কৰে।অতুল শৰ্মাৰ সৎকাৰত দৰং জিলা প্ৰশাসন, বিভিন্ন দল সংঘটনৰ লগতে উপস্থিত থাকে প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস আৰু মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক বসন্ত দাস।