নলবাৰীৰ বৰমুৰিকণাত পাগলাদিয়া নদীত আত্মহত্যাৰ চেষ্টা এগৰাকী চৰকাৰী কৰ্মচাৰীৰ। পাগলাদিয়া নৈত জাপ দি আত্মহত্যাৰ চেষ্টা চলাই চৰকাৰী কৰ্মচাৰীজনে।

অৱশ্যে লোকজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় লোকে।

লোকজন সম্প্ৰতি সজ্ঞাহীন হৈ আছে বুলি জানিব পৰা গৈছে। আত্মহত্যাৰ চেষ্টা চলোৱা লোকজন চান্দকুছি ঘিল্লা চকৰ অতুল বৈশ্য বুলি চিনাক্ত কৰা হৈছে।

অসম স্কিল ডেভেলপমেন্ট বিভাগত কৰ্মৰত কৰ্মচাৰীজনে নিজ কাৰ্যালয়ত সংঘটিত কোনো ঘটনাক লৈ মানসিক চাপত আছিল বুলি আশংকা কৰা হৈছে।