সাপেখাতিত আৰক্ষীক দুৰ্ব্যৱহাৰ কৰা দুজনক গ্ৰেপ্তাৰ।

সোণাৰিৰ সাপেখাতীত বীৰ লাচিত সেনাৰ নেতা আৰু গৃহৰক্ষী জোৱান সহ দুজনক আটক।সোণাৰিৰ সাপেখাতী চাৰি আলিৰ মাজমজিয়াত আৰক্ষীয়ে অব্যাহত ৰখা তালাচীত বীৰ লাচিত সেনাৰ চৰাইদেউ জিলা সমিতিৰ সহ সম্পাদক ৰূপজ্যোতি ফুকন আৰু গৃহৰক্ষী বাহিনীৰ জোৱান পংকজ হাজৰিকাই অসম আৰক্ষীক অভদ্ৰ আচৰণ কৰি গালি গালাজ কৰাত সাপেখাতী আৰক্ষীয়ে আটক কৰিছে।ঘটনাৰ সংক্ৰান্তত সাপেখাতী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৩৫৩/৩৫৪/৫০৯/৩৪ ধাৰাৰ অধীনত ৩৬/২২ নম্বৰত এক গোচৰ ৰজু কৰি জেললৈ নিক্ষেপ কৰিছে দুয়োকে।