অসমৰ অন্যতম ৪৯ বছৰ গৰকা পুৰণি আৰু জনপ্ৰিয় ৰহস্যধর্মী আলোচনী মাহেকীয়া ‘ৰহস্য' গোষ্ঠীয়ে "সাহিত্য-সংস্কৃতি সৌৰভ বঁটা-২০২২" ৰ কাৰণে গোলাঘাটৰ বিশিষ্ট লেখক বিজু বৰিৰ নাম মনোনীত কৰিছে।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

উল্লেখযোগ্য যে অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী ৰহস্য গোষ্ঠীয়ে সাহিত্য জগতত বৰিক এজন জনপ্ৰিয় আৰু বহু চৰ্চিত যুৱ লেখক হিচাপে উক্ত বঁটাৰ কাৰণে নিবাচিত কৰিছে। বৰিৰ লেখাসমূহত শাণিত যুক্তিনিষ্ঠ আৰু তথ্য নিৰ্ভৰ বস্তুনিষ্ঠ বিশ্লেষণেৰে সচেতন পাঠকৰ চিত্ত আৰু চিন্তাক আলোড়িত কৰি আহিছে।প্ৰধানকৈ তেওঁৰ লেখাসমূহত প্ৰচণ্ড প্ৰতিবাদী চিন্তা আছে কিন্তু প্ৰকাশ ভংগীত পাঠক সমাজে কোনো ক্ৰোধৰ উমান পোৱা নাযায়। বৰিৰ "অশান্ত অসম", 'মাওবাদৰ ইতিহাস সংগ্ৰাম আৰু অন্যান্য' আৰু বৰিৰ অন্য এক নৱতম সৃষ্টি "অৰন্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং " আদিয়ে বিদ্বৎ মহলত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৰিয়ে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা "বাবা চাহেব ড৹ আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেলোশ্বিপ বঁটা আৰু ৰাষ্ট্ৰীয় গৌৰৱ বটা -২২ লাভ কৰিছে। বিশিষ্ট লেখক বৰি গোলাঘাট জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়ট) ৰ কৰ্মচাৰী। গোলাঘাট জিলাৰ বানাক্ৰান্ত বৰটিকা গাঁৱৰ নিবাসী লেখক বিজু বৰি