বুধবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ডবাত আগন্তুক লোকসভা নিৰ্বাচনৰ উদ্দেশ্য আগত ৰাখি কংগ্ৰেছ দলৰ এখনি প্ৰচাৰ সভা অনুষ্ঠিত হয়। ডবা মণ্ডল কংগ্ৰেছৰ সভাপতি মনোৰঞ্জন ফুকনে সভাপতিত্ব কৰা এই সভাত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক নিপেন কোঁৱৰ, মাহমৰা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি কেশৱ গগৈ, ৰাইজৰ দলৰ নেতা জীৱেশ্বৰ চুতীয়া উপস্থিত থাকি বক্তব্য ৰাখে।
চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিপেন কোঁৱৰৰ উপস্থিতিত মাহমৰাৰ ডবাত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সম্পন্ন।
