শিলচৰৰ এগৰাকী দিব্যাংগ চিত্ৰশিল্পীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিলচৰৰ দিব্যাংগ চিত্ৰশিল্পী অভিজিত গট্টানিক শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰোৱাই দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই। এই সাক্ষাৎ কালত মুখ্যমন্ত্ৰী আৰু অভিজিতৰ সৈতে উপস্থিত থাকে অভিজিতৰ মাতৃ ললিতা গট্টানিও। নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীক নিজ হাতেৰে অঁকা এখন আটকধুনীয়া ছবি উপহাৰ দিয়ে চিত্ৰশিল্পী অভিজিত গট্টানীয়ে। প্ৰধানমন্ত্ৰী মোডীৰ ভিন্ন সময়ৰ ভিন্ন মুহূৰ্তক তুলিকাত তুলি ধৰা অভিজিতৰ এই পেইণ্টিংখন গ্ৰহণ কৰি কেইবাবাৰো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। শিলচৰৰ দিব্যাংগ চিত্ৰশিল্পী অভিজিত গট্টানিয়ে সৰুৰে পৰাই বিশিষ্ট ব্যক্তিসকলৰ চিত্ৰ অংকন কৰি আহিছে। বি.কম উত্তীৰ্ণ অভিজিতে যোৱা ৭ জুনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিছিল তেওঁৰ এখন ছবি। সেই সময়তে মুখ্যমন্ত্ৰী শৰ্মাই এবাৰ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে অভিজিতক সাক্ষাৎ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে ইমান সোনকালে নিজৰ প্ৰতিশ্ৰুতি পুৰণ কৰাত আনন্দত অভিভূত হৈ পৰে অভিজিত আৰু তেওঁৰ মাতৃ ললিতা গট্টানী। মাতৃয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো কৃতজ্ঞতা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
औरंगाबाद;स्मिता हॉलिडेज आणि फ्लायबिंग एअरलाईनच्या सहकार्याने उड्डाण कार्यक्रमा
औरंगाबाद;स्मिता हॉलिडेज आणि फ्लायबिंग एअरलाईनच्या सहकार्याने उड्डाण कार्यक्रमा
AAJTAK 2 । GEMINI HOROSCOPE। ZODIAC TODAY | मिथुन राशि । आज का राशिफल | AAJ KA RASHIFAL| 04 OCT 2023
AAJTAK 2 । GEMINI HOROSCOPE। ZODIAC TODAY | मिथुन राशि । आज का राशिफल | AAJ KA RASHIFAL| 04 OCT 2023
ફરસાણની દુકાનમાં આગ લાગતા દોડધામ: આગ શોર્ટ સર્કીટથી લાગી હોવાનું પ્રાથમિક તારણ
સુરેન્દ્રનગરના ટાવર રોડ ઉપર શેઠ ખોડીદાસ રતિલાલની ફરસાણની દુકાન આવેલી છે અને આ દુકાન બે માળની છે....
मेटा करने जा रही है नौकरियों में कटौती, फेसबुक और इंस्टाग्राम से होगी 10 हजार लोगों की छंटनी
नई दिल्ली, बिजनेस डेस्क। फेसबुक की मूल कंपनी मेटा (Meta) से जुड़ी एक नई खबर आ रही है।...