শিলচৰৰ এগৰাকী দিব্যাংগ চিত্ৰশিল্পীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিলচৰৰ দিব্যাংগ চিত্ৰশিল্পী অভিজিত গট্টানিক শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰোৱাই দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই। এই সাক্ষাৎ কালত মুখ্যমন্ত্ৰী আৰু অভিজিতৰ সৈতে উপস্থিত থাকে অভিজিতৰ মাতৃ ললিতা গট্টানিও। নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীক নিজ হাতেৰে অঁকা এখন আটকধুনীয়া ছবি উপহাৰ দিয়ে চিত্ৰশিল্পী অভিজিত গট্টানীয়ে। প্ৰধানমন্ত্ৰী মোডীৰ ভিন্ন সময়ৰ ভিন্ন মুহূৰ্তক তুলিকাত তুলি ধৰা অভিজিতৰ এই পেইণ্টিংখন গ্ৰহণ কৰি কেইবাবাৰো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। শিলচৰৰ দিব্যাংগ চিত্ৰশিল্পী অভিজিত গট্টানিয়ে সৰুৰে পৰাই বিশিষ্ট ব্যক্তিসকলৰ চিত্ৰ অংকন কৰি আহিছে। বি.কম উত্তীৰ্ণ অভিজিতে যোৱা ৭ জুনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিছিল তেওঁৰ এখন ছবি। সেই সময়তে মুখ্যমন্ত্ৰী শৰ্মাই এবাৰ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে অভিজিতক সাক্ষাৎ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে ইমান সোনকালে নিজৰ প্ৰতিশ্ৰুতি পুৰণ কৰাত আনন্দত অভিভূত হৈ পৰে অভিজিত আৰু তেওঁৰ মাতৃ ললিতা গট্টানী। মাতৃয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো কৃতজ্ঞতা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नगर रोडवर मालवाहू ट्रकने तरुणाला चिरडले अन...
नगर: सुरतहून येत असणाऱ्या मालवाहू ट्रक आणि दुचाकीचा अपघात झाला. या अपघातात एका तरुणाचा जागीच...
पूर्व गवर्नर Satyapal Malik ने CBI Raid से पहले कौन-कौन से कागज़ छिपा दिए थे?
पूर्व गवर्नर Satyapal Malik ने CBI Raid से पहले कौन-कौन से कागज़ छिपा दिए थे?
स्कूल बैग पाकर खिल उठे छात्र छात्राओं के चेहरे, ग्रामवासीयों को रक्तदान के महत्व के बारे में बताया गया
कोटा। न्यू रक्तदान महादान ग्रुप सेवा संस्थान के अध्यक्ष चेतन पाण्डेय ने बताया कि आज संस्था के...
ডবকাৰ উৰ্ধগাওঁ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক দিৱস
আজি শিক্ষক দিৱস ৷ দেশৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰৰ জন্মদিন আৰু তেওঁৰ...
અજાણ્યા શખ્સોએ તીક્ષણ હથિયાર વડે હત્યા કરી...
ડીસામાં મોડી રાત્રે ઝેરડા-પમરૂ રોડ પર આધેડ ની હત્યા
અજાણ્યા શખ્સો તિક્ષણ હથિયાર...