ৰহাৰ চাপৰমুখ সিং গাঁও স্থিত বুৰঞ্জী প্ৰসিদ্ধ দ্বিতীয় ঐতিহাসিক গুৰুদ্বাৰা মাতাজীত প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও ৪০৩সংখ্যক প্ৰকাশ পৰ্ব উল্লহ মালহেৰে পালনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে মাতাজী সৰদাৰ ৰাজবীৰ সিংৰ অধ্যক্ষতাত অনুষ্ঠিত হোবা সভাত সৰ্বসম্মতিত চৰদাৰ ৰাজবীৰ সিং ক সভাপতি,সৰদাৰ গোবিন্দ সিং,প্ৰতাপ সিং,হৰভজন সিং,দলজীত সিং,পৰবান সিং আৰু ভূপেন্দ্ৰ সিং ক কাৰ্য্যকৰী সভাপতি আৰু সৰদাৰ পবিন্দ্ৰ সিং ক সম্পাদক হিচাপে লৈ এখন শক্তিশালী ৪০৩সংখ্যক নবম গুৰু টেগবাহাদুৰজীৰ জন্ম জয়ন্তী প্ৰকাশ পৰ্ব উদযাপন সমিতি গঠন কৰা হয়।

       সভাপতি সৰদাৰ ৰাজবীৰ সিংই জানিব দিয়ে যে ৮এপ্ৰিলত পবিত্ৰ গুৰু গ্ৰন্থ চাহিবজীৰ অখণ্ড পাঠৰে প্ৰকাশ পৰ্ব ৰ শুভাৰম্ভ কৰা হব আৰু ১৮ এপ্ৰিলত অখণ্ড পবিত্ৰ পাঠৰ সমাপন হব আৰু মুল অনুষ্ঠান অনুষ্ঠিত হব।

         লগতে সভাপতি সৰদাৰ ৰাজবীৰ সিংই প্ৰকাশ পৰ্ব ত দহ সহ্ৰাধিক ভক্তৰ সমাগম হোবাৰ আশা কৰি কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হেমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনোৱাৰ লগতে ডিমাপুৰ,মণিপুৰ আৰু অৰুনাচলৰ ভক্ত সকলে যোগাযোগ কৰিছে।

            লগতে সভাপতিয়ে শিখ ধৰ্মৰ লগতে সমূহ ধৰ্মাৱলম্বী ভক্তৰ উপস্থিতিৰ কামনা কৰিছে।

       সভাত গুৰুদ্বাৰা মাতাজী প্ৰবন্ধ কমিটি,চাপৰমুখ শিখ য়ুথ এচোচিয়েচন ৰ প্ৰতিনিধি,সদস্য সদস্যা উপস্থিত থাকে।