শিৱসাগৰঃ শিৱসাগৰ নিৰ্বাচনী দিন ঘোষণাৰ পিছতেই শিৱসাগৰ জিলা প্ৰশাসনে আজি এক সংবাদমেলৰ আয়োজন কৰে ৷ উল্লেখযোগ্য যে, শিৱসাগৰ নিৰ্বাচনী আচৰণ বিধি বলৱৎৰ প্ৰতি লক্ষ্য ৰাখি ২৪ ঘন্টাৰ ভিতৰতে সকলো চৰকাৰী বিজ্ঞাপনযুক্ত বেনাৰ, হৰ্ডিং, প'ষ্টাৰ আঁতৰাই পেলোৱাৰ ব্যৱস্থা।‌ আজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত সংবাদমেলত এই বিষয়ে সদৰি কৰিলে জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে। বেচৰকাৰী গৃহ, কাৰ্য্যালয়ৰ পৰাও চৰকাৰী বিজ্ঞাপনযুক্ত বেনাৰ, ছাইনবোৰ্ড আদি ৭২ ঘন্টাৰ ভিতৰত আঁতৰাই পেলোৱাৰ নিৰ্দেশ। অন্যথা বিধি অনুসৰি ব্যৱস্থা লোৱা হ'ব বুলি জিলা আয়ুক্তই অৱগত কৰে ৷ লগতে ১৯ এপ্ৰিলত শিৱসাগৰ নিৰ্বাচনী জিলাত অতি কমেও ৮৫ শতাংশ যাতে ভোটদান হয় তাৰ লক্ষ্য স্থিৰ কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে।‌ ইয়াৰ বাবে ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সকলোলৈকে আহ্বান আদিত্য বিক্ৰম যাদৱৰ । জিলাখনত এই মুহূৰ্ত্তলৈকে থকা ভোটাৰৰ সংখ্যা হ'ল ৩,৮০০০৯ গৰাকী । শিৱসাগৰ নিৰ্বাচনী জিলাত থাকিব মুঠ ৪৮১ টা ভোটদান কেন্দ্ৰ। ইয়াৰ ভিতৰত ডিমৌ বিধানসভা সমষ্টিত থাকিব ২১২ টা আৰু শিৱসাগৰ সমষ্টিত থাকিব ২৬৯ টা ভোটদান কেন্দ্ৰ ৷৷