ৰহা হাৰিয়ামুখ শ্ৰীশ্ৰী দিহিং সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত বিষ্ণু সোভন চন্দ্ৰ গোস্বামী আতাৰ ২৬ সংখ্যক তিৰোভাৱ তিথি তিনি দিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হয়।

     বৰ্ষ ১৯৭১ ৰপৰা দিহিং সত্ৰৰ সত্ৰাধিকাৰৰ পদ অলংকৃত কৰি সমূহ ভক্ত বৈষ্ণৱ সকলৰ একত্ৰিত কৰি ৰখা সত্ৰাধিকাৰ নয়নজ্যোতি গোস্বামীৰ পিতৃ তথা প্ৰয়াত সত্ৰাধিকাৰ বিষ্ণু সোভন চন্দ্ৰ গোস্বামী আতাৰ ২৬সংখ্যক তিৰোভাৱ তিথি ১৫ মাৰ্চৰ পৰা পূবা প্ৰাত প্ৰসংগ  আৰু ভাগবত পাঠৰে শুভাৰম্ভ হোবাৰ লগতে দ্বিতীয় দিন আজি পূবা প্ৰভাত ফেৰী,বন্তি প্ৰজ্বলন আৰু পাঠ প্ৰসংগ ৰ পাছত ৰহা ৰ লগতে মংগলদৈ, গুৱাহাটী, বিশ্বনাথচাৰিআলী,লংকা,হোজাই, কাকী, গোৱালপাৰা সহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক ভক্ত বৈষ্ণৱে নাম কীৰ্ত্তন কৰি সমস্ত ক্ষেত্ৰত ভক্তিময় কৰি তুলে।

       তিথিৰ ৩য় দিন ১৭ মাৰ্চত পূবা পাঠ প্ৰসংগ,শৰন কাৰ্য্য আৰু দুপৰীয়া ভোজন ৰ পাছত তিনি দিনীয়া তিথিৰ সমাপন কৰা হব।