স্বাধীনতা দিৱসৰ ৭৫ সংখ্যক বৰ্ষ উদযাপন উপলক্ষে আজাদি কা অমৃত মহোৎসৱৰ তত্বাৱধানত চি আই এছ এফ ইউনিট ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ পলিমাৰ লিমিটেডৰ দ্বাৰা IG/ NES Sh A.K Singh, DIG/NEZ Sh S.S সৰমাহ আৰু গ্ৰুপ কমাণ্ডেণ্ট শ হৰেন্দ্ৰ নাৰায়ণৰ নিৰ্দেশনাত, এ এম চি এইচ ব্লাড বেংকৰ সহযোগত আজি ৰক্তদান শিবিৰ অনুস্থিত হয়।ডেপুটি কমাণ্ডেণ্ট টি হাওকিপে ৰক্তদান শিবিৰ গুৰুত্ব সম্পৰ্কে কয় যে ইউনিটটোৰ মুঠ ৩৬ জন জোৱানে স্ব স্বেচ্ছাই ৩৬ ইউনিট ৰক্তদান কৰি মহান কৰ্ম সম্পাদন কৰিলে।

এনে মানব সেৱা কাৰ্য্যৰ বাবে সকলোৰে প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞা জ্ঞাপন কৰে। তেওঁ লগতে কয় যে কৰ্তব্যৰ আহ্বানৰ বাহিৰলৈ গৈ সমাজ সেৱাৰ বাবে চিআইএছএফ সদায় সাজু হৈ আছে আৰু ভৱিষ্যতেও এনে সেৱা আগবঢ়াই যাব।

অসম চিকৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: সঞ্জীব কাকতিয়ে CISF ৰ এনে মানব সেৱা আগবঢ়া়ই যাবলৈ আহ্বান জনোৱা লগতে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।