সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ৰহা শাখাৰ উদ্যোগত আজি আন্তৰ্জাতিক নাৰী দিৱস উল্লহ মালহেৰে উদযাপন কৰাৰ লগতে প্ৰাক্তন শিক্ষয়ত্ৰী নিৰু বৰাক বিশেষ সম্বৰ্ধনা জনোৱা হয়।

     ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰত আজি দিনৰ ১১বজাৰ পৰা শাখা সভানেত্ৰী দ্বিপ্তী দেৱী শৰ্মা ৰ সভাপতিত্বত আৰু সম্পাদিকা স্বৰ্নলতা ভূঞাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা নাৰী দিৱসৰ ৰহা শাখাৰ প্ৰাক্তন সভানেত্ৰী তথা সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভুঞাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰাৰ পাছত শাখাৰ সদস্যা সকলে স্থায়ী গীত পৰিবেশন কৰাৰ লগতে সমস্যা অনিতা দেবী, মায়া মায়াতৃষ্না হাজৰিকাই কবিতা পাঠ আৰু সাবিত্ৰী শইকিয়া দাসে গীত পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰাৰ লগতে শাখাৰ সদস্যা সকলে ৰুপকোঁবৰ জ্যোতিপ্ৰসাদ আগৰবালাৰ নাট শোনিতকোঁবৰী মঞ্চস্থ কৰি সকলোকে আপ্লুত কৰি তুলে।

   সভাত উপস্থিত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা বিজয়া গগৈ,ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেবী আৰু সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভুঞাই নাৰী দিৱসৰ তাৎপৰ্য ৰ ওপৰত বক্তব্য ৰাখে।

  ৰহা শাখা লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও নাৰী দিৱসত প্ৰাক্তন শিক্ষয়ত্ৰী নিৰু বৰাক এখন ফুলাম গামোচা,সম্বৰ্ধনা পত্ৰ,গ্ৰন্থ প্ৰদান কৰি বিশেষ সম্বৰ্ধনা জনাই।

   নাৰী দিৱস উপলক্ষে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা, সুৰ্য্যবতী শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদিকা তথা লেখিকা বিহু লস্কৰ ঠাকুৰিয়া,  ৰহা জ্যেষ্ঠ নাগৰিক সন্মিলন সম্পাদক বিনোবা ৰাজবংশী, কবি প্ৰেম নাৰায়ন নাথ,জ্যেষ্ঠ বিজ্ঞানী ড° দিনেশ হাজৰিকা, মাছ কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকা, অকণিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক অবনী কুমাৰ শইকীয়া,সম্পাদক ৰন্টু মুদৈ সহ বিভিন্ন দল সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি,ৰহা শাখা লেখিকা সমাৰোহ সমিতিৰ সদস্যা আৰু গনমান্য ব্যক্তি উপস্থিত থাকে