হৰ ঘৰ ত্ৰিৰংগা উপলক্ষে বিদ্যালয়ে বিদ্যালয়ে সজাগতা অনুষ্ঠান।হাতে হাতে ত্ৰিৰংগা পতাকা লৈ কন কন ছাত্ৰ ছাত্ৰীৰ পদযাত্ৰা।

হৰ ঘৰ ত্ৰিৰংগা উত্তোলনৰ বাবে সজাগতা সৃষ্টিৰে বিশ্বনাথতবিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পদযাত্ৰা। আজি হাতে হাতে ত্ৰিৰংগা লৈ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰো পদযাত্ৰা।

বিশ্বনাথৰ চাৰিআলি আদৰ্শ বিদ্যাপীঠ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ হাতে হাতে ত্ৰিৰংগা পতাকা লৈ এই পদযাত্ৰা।বিদ্যালয়ৰ চৌহদৰ পৰা কোচগাও হৈ পুনৰ বিদ্যালয়ৈ পদযাত্ৰা কৰে ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে।

ৰাইজক ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ ক্ষেত্ৰত সজাগ কৰাৰ লক্ষ্যৰে এই সমদল উলিয়ায়।

উল্লেখযোগ্য যে 

আজাদী কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ পালন হব ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন।