অহাকালি সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখ স্থিত বিভিন্ন শিৱ মন্দিৰ সমুহতো মহা শিৱৰাত্ৰীৰ  প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোবাৰ লগতে ভক্ত সকলৰ মহাদেৱ ৰ জয়কাৰ আৰু পূজা অৰ্চনাৰে ভক্তিময় হৈ পৰিব সমস্ত ক্ষেত্ৰ।

      ৰহা মধ্য টুপাকুচি স্থিত সাৰ্বজনীন শিৱ মন্দিৰ,ৰহা নতুনচাৰিআলী স্থিত হিন্দুস্তানী শিৱ মন্দিৰ সহ ৰহা চাপৰমুখ ৰ বিভিন্ন শিৱালয় সমুহত মন্দিৰ পৰিচালনা সমিতিৰ দ্বাৰা মহা শিৱৰাত্ৰিৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰাৰ লগতে অহাকালি মহা শিৱৰাত্ৰিৰ উপলক্ষে ভক্ত সকলৰ দ্বাৰা দেৱৰ দেৱ মহাদেৱৰ পূজা অৰ্চনা কৰাৰ লগতে আমন্ত্ৰিত নাম পাৰ্টিৰ লগতে স্থানিয় আই মাতৃ সকলৰ দ্বাৰা নাম কীৰ্তন পৰিবেশন কৰাৰ লগতে ভক্তসকলৰ মাজত বুনিয়া,খিছিডি ৰ প্ৰসাদ বিতৰন কৰা হব।

    মহা শিৱৰাত্ৰিৰ বাবে আজি ৰহা বজাৰত গ্ৰাহক সকলক শিৱ ৰ ফটো সহ পুজা অৰ্চনাৰ বিভিন্ন সামগ্ৰী ক্ৰয় কৰা পৰিলক্ষিত হয়।

    লগতে ৰহাচকি সমুহ ৰাইজৰ সহযোগত ২৫তম্  শিৱৰাত্ৰি পুজা উদযাপন কৰাৰ লগতে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ইশ্বৰীয় বিশ্ববিদ্যালয় ৰহা সেৱা কেন্দ্ৰতো শিৱৰাত্ৰি ৰ উদযাপন কৰা হব।