অহা ৮মাৰ্চত সমস্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহতৰ ৰহা,চাপৰমুখ ৰ বিভিন্ন প্ৰান্তত মহা শিৱৰাত্ৰী পালন কৰা বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।
ৰহা মধ্যটুপাকুচি সাৰ্বজনীন শিৱ মন্দিৰ,ৰহা নতুনচাৰিআলী হিন্দুস্তানী শিৱ মন্দিৰ সহ ৰহা ,চাপৰমুখ স্থিত বিভিন্ন শিৱ মন্দিৰ সমুহত আগন্তুক মহা শিৱৰাত্ৰীৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহাচকি ৰাইজৰ সৌজন্যত ২৫তম্ বাৰ্ষিক শিৱৰাত্ৰি উদযাপন ৰ প্ৰস্তুতি চলাই থকা হৈছে।
ৰহাচকি শিৱৰাত্ৰি পুজা পৰিচালনা সমিতিয়ে জানিব দিয়া অনুসৰি পুৱা ৫বজাত প্ৰাত:প্ৰসংগ পাছত ৬বজাত বন্তি প্ৰজ্বলন কৰা হব।৬.৩০বজাত সমজুৱা শৰাই উচৰ্গা, পুঠি পাঠ আৰু নাম কীৰ্তন ৰ আয়োজন কৰা হব।সন্ধ্যা ৫বজাত ৰহাচকি ৰাইজৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু নিশা ৮বজাত ৰহাচকি মহিলা সকলৰ দ্বাৰা পালা ভাওনা ভৰতৰ ভাতৃ স্নেহ মঞ্চন কৰা হব।ভাওনাৰ উদ্বোধন কৰিব ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস।
লগতে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ইশ্বৰীয় বিশ্ববিদ্যালয়ত মহা শিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে।