শিৱসাগৰঃ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই ৫৬ সং‌খ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা অনাতাঁৰ নাট সমাৰোহ - ২০২৪ আয়োজন কৰিছে । উল্লেখযোগ্য যে, অহা ১৫ মাৰ্চলৈ প্ৰচাৰিত হ'বলগীয়া এই নাট সমাৰোহত উজনি অসমৰ ১২ টা অপেছাদাৰী নাট্য গোষ্ঠীয়ে ১৩ খন অনাতাঁৰ নাটক পৰিৱেশন কৰিব । এই নাট সমাৰোহত অসমৰ বিভিন্ন মঞ্চত নাট মঞ্চস্থ কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা শিৱসাগৰৰ অন্যতম নাট্য গোষ্ঠী "শিৱসাগৰ জ্যোতি সংঘ"ৰ নাট্যশিল্পীসকলে অসমৰ বিশিষ্ট নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰৰ ৰচিত আৰু স্বাস্তিকা দেৱীৰ পৰিচালনাত বাণীবদ্ধ হোৱা 'ৰঙ্গমঞ্চ" নাটখনে শ্ৰোুতাসকলৰ বাবে এক বলিষ্ঠ বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰিছে । "ৰঙ্গমঞ্চ" নাটকখনিত মূল বিষয়বস্তুয়ে হ্নদয়স্পৰ্শ কৰিবলৈ সকলো অভিনেতা আৰু অভিনেত্ৰীৰ কণ্ঠস্বৰ, কণ্ঠসঞ্চালন, শব্দ প্ৰক্ষেপনৰ লগতে অভিনৱ দেৱ কাশ্যপৰ আৱহ সংগীত, খুৰশ্বিদ আহমেদৰ প্ৰযোজনা আৰু সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ । সাম্প্ৰতিক কালত আমাৰ সমাজত বহুলোকেই ব্যক্তিকেন্দ্ৰিক হোৱাৰ লগতে সামাজিক দায়বদ্ধতাৰ প্ৰতি উদাসীন হোৱা দেখা যায় । তথাপিও সমাজত সচেতন লোকৰ অভাৱ নোহোৱা নহয় । নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰে বোমা বিস্ফোৰণত নিহত হোৱা স্বামীৰ অনুপস্থিতিত বৈধব্য জীৱন যাপন কৰা এগৰাকী বিধৱা নাৰীক সহায়ৰ হাত আগবঢ়োৱাৰ চলেৰে কলংকৰ বোজা জাপি দিয়া সমাজৰ এজন মুখাপিন্ধা ভদ্ৰলোকৰ মুখা খুলি দিয়াৰ লগতে আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা কৰা সচেতন ব্যক্তিজনক বিধৱা বিবাহৰ ওপৰত আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা ভূমিকাই আমাৰ সমাজৰ বাবে এক আদৰ্শ দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে । এই অনাতাঁৰ নাটকখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা অভিনেতা আৰু অভিনেত্ৰীসকল হ'ল--দেৱব্ৰত বৰঠাকুৰ, যদুমণি বড়া, অভিনৱ দেৱ কাশ্যপ, কংকনা বেজবৰুৱা, অঞ্জিমা পাঠক, নিপা ৰাজখোৱা, স্বাস্তিকা দেৱী, বন্দনা শইকীয়া, সোণময়ী গগৈ, পপী দাস । অহা ৭ মাৰ্চ তাৰিখে শ্ৰোুতাসকলে মিডিয়াম ৱেভৰ ৫২৯.১ মি, কিলোহাৰ্টজ ৫৬৭, এফ এমৰ ১০১.৩ মেগাহাৰ্টজ, ডি আৰ এমৰ ৫৫৮ কিলোহাৰ্টজ আৰু নিউজ অন এ আই আৰ এপত নিশা ৯.৩০ বজাত আৰু পুনঃ সম্প্ৰচাৰ ৮ মাৰ্চ তাৰিখে পুৱা ৮.৩০ বজাত শুনিব পাৰিব । আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এই প্ৰচেষ্টা কেন্দ্ৰটোৰ অধীনস্থ অপেছাদাৰী নাট্যদলসমূহলৈ প্ৰেৰণাদায়ক আৰু আধুনিক অসমীয়া নাট্য আন্দোলনলৈ আকাশবাণী ডিব্ৰুগড়ৰ এক যুগান্তকাৰী পদক্ষেপ ৷