ৰহাৰ গডমাৰি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোবা সমিতি গঠন সভাত সদৌ অসম আহোম সভাৰ ৪১জনিয়া নগাঁও জিলা সমিতি গঠন কৰা হয়।

     সদৌ অসম আহোম সভাৰ আহ্বান মৰ্মে নগাঁও জিলা ৰ বিভিন্ন ঠাইত নিবাস কৰি থকা আহোম জনগোষ্ঠীৰ বৰেন্য ব্যক্তি সকলৰ সহযোগত যোৱা ২৫ফেব্ৰুবাৰীত ৰহা গডমাৰীত বিশিষ্ট বিজ্ঞানী ড° দিনেশ হাজৰিকা ৰ সভাপতিত্বত আৰু চাও ঠগীত বৰুবাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা সমিতি সভাত চাও সঞ্জীৱ বৰা পল জ্যোতি গগৈয়ে আঁত ধৰা অতিথি সকলৰ চিনাকি আৰু আদৰনি পৰ্বৰ পাছত সভাত দহ গৰাকী লোকক মুখ্য উপদেষ্টা,ড° দিনেশ হাজৰিকাক সভাপতি, ভূবনজ্যোতি ফুকনক সাধাৰন সম্পাদক, সঞ্জীৱ বৰাক সহকাৰী সম্পাদক, পলজ্যোতি গগৈক সাংগঠনিক সম্পাদক, চন্দন গগৈক সাংস্কৃতিক সম্পাদক আৰু থানেশ্বৰ লাহনক প্ৰচাৰ সম্পাদক হিচাপে লৈ ৪১ জনিয়া সদৌ অসম আহোম সভাৰ নগাঁও জিলা সমিতি গঠন কৰা হয়।

চাও চন্দন গগৈ আৰু সংগীসকলৰ দ্বাৰা এটি টাই গীত প্ৰাৰ্থনাৰে আৰম্ভ হোবা সভাত ড° যোগেন গোহাঁই, গুনেন্দ্ৰ ফুকন,ৰাজ্যিক সম্পাদক তপন কুমাৰ গগৈ,ৰাজ্যিক সদস্য ক্ৰমে দীপাঞ্জন কোঁৱৰ,হেমন্ত গগৈ,দীপক ফুকন,পাৰ্থ দুবাৰা,সন্দিপ গগৈ উপস্থিত থাকি বক্তব্য আগবঢ়াই।