কামৰূপ জিলাৰ কেবাখনো সত্ৰ পৰিদৰ্শন কৰি আয়োগে বৰ্তমান অৱস্থাৰ বুজ লোৱাৰ লগতে সঠিক আৰু সম্পূৰ্ণ তথ্য দিবলৈ আহ্বান জনায় অধ্যক্ষ প্ৰদীপ হাজৰিকাই ৷ অসমৰ সত্ৰসমূহৰ ভূমি সমস্যাৰ নিৰূপন আৰু পুনৰুদ্ধাৰৰ বাবে গঠিত আয়োগৰ কাম ইতিমধ্যে চমু চাপি আহিছে । ৰবিবাৰে কামৰূপ জিলাৰ কেবাখনো সত্ৰ পৰিদৰ্শন কৰাৰ অন্তত সংহত জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্য্যালোচনা সভাত এই কথা প্ৰকাশ কৰে আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকাই । তেওঁ কয় যে, সত্ৰৰ পূৰ্বৰ ঐতিহ্য যথেষ্ট ম্লান পৰিছে । বৈষ্ণৱ গুৰুসকলৰ আদৰ্শৰে স্থাপিত এই সত্ৰবোৰ অসমীয়া জাতিৰ প্ৰাণ । সত্ৰবোৰ ধ্বংস হ’লে অসমীয়া জাতিও ধ্বংস হ'ব। সেয়েহে এই সত্ৰসমূহ পুনৰুদ্ধাৰ কৰিব‌ই লাগিব । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে প্ৰথমবাৰৰ বাবে অসমৰ সত্ৰসমূহৰ ভূমি সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । সেই উদ্দেশ্যে গঠিত আয়োগখনে নিশ্চিতভাৱ এই ক্ষেত্ৰত নিজৰ দায়িত্ব সঠিকভাৱে পালনৰ চেষ্টা কৰিব বুলি হাজৰিকাই কয় । প্ৰাক্তন মন্ত্ৰী তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ইয়াৰ বাবে সংশ্লিষ্ট সকলো পক্ষ‌ক এই সম্পৰ্কত সঠিক তথ্য যোগান ধৰিবলৈ আহ্বান জনায় ৷ তেওঁ জনোৱা মতে, এতিয়াও কিছুমান জিলাৰ পৰা সম্পূৰ্ণ আৰু সঠিক তথ্য অহা নাই । কেবাখনো জিলাৰ পৰা প্ৰশাসন তথা সত্ৰ পৰিচালনা সমিতিসমূহে আয়োগক এই পৰ্য্যন্ত সম্পূৰ্ণ তথ্য নিদিয়াৰ বাবে আয়োগে কাম সম্পূৰ্ণ কৰাত কিছু পলম হোৱা বুলি তেওঁ উল্লেখ কৰে ৷ লগতে তেওঁ কয় যে, আয়োগে ইতিমধ্যে ইয়াৰ কাম চমু চপাই আনিছে যদিও কেইখনমান সত্ৰ পৰিদৰ্শন কৰিবলৈ ৰৈ যোৱা বাবে পুনৰ কামৰূপ জিলালৈ আহিবলগীয়া হৈছে । সভাত কামৰূপ জিলাৰ অৰ্দ্ধশতাধিক সত্ৰৰ প্ৰতিনিধি উপস্থিত থাকি নিজ নিজ সত্ৰৰ ভূমি সম্পৰ্কীয় বিষয়সমূহ উত্থাপন কৰে। সভাত আয়োগৰ অন্যতম সদস্য মৃণাল শ‌ইকীয়া, ভাৰপ্ৰাপ্ত পৰামৰ্শদাতা মাধৱ প্ৰসাদ শৰ্মা, কনিষ্ঠ পৰামৰ্শদাতা অতুল দাস, কামৰূপ জিলাৰ জিলা আয়ুক্ত নৰসিং বে, অতিৰিক্ত আয়ুক্ত কমল বৰুৱা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ উপৰিও সকলো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকল উপস্থিত থাকে । ইয়াৰ পূৰ্বে আজি আগবেলা, সমগ্ৰ ৰাজ্যৰ লগতে বিশেষকৈ শিৱসাগৰ জিলাখনত নিজৰ ইতিবাচক কৰ্মৰে উজ্বলিবলৈ সক্ষম হোৱা বিধায়ক প্ৰদীপ হাজৰিকা নেতৃত্বাধীন সত্ৰ আয়োগে কামৰূপ জিলাৰ উত্তৰপাৰৰ কমলপুৰ ৰাজহ চক্ৰৰ সাজেই গাঁৱৰ কলাঠাকুৰ সত্ৰ, কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত বালিসত্ৰ সৎসঙ্গী সত্ৰ, ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত নবুৰ্কা সত্ৰ আৰু পুৰাণ বুৰ্কা সত্ৰ পৰিদৰ্শন কৰি সত্ৰ কৰ্তৃপক্ষৰ সৈতে মতবিনিময় কৰি অৱস্থাৰ বিতংকৈ পৰ্য্যালোচনা কৰে ৷