শিৱসাগৰঃ শিৱসাগৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সৌজন্যত আজি শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত দিনযোৰা কাৰ্য্যসূচীৰে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰীতি সমাৰোহ সম্পন্ন হৈ যায় । কাৰ্য্যক্ৰমণিকা অনুসৰি পুৱা পতাকা উত্তোলন কৰে সভাপতি দেৱেন চন্দ্ৰ বৰুৱাই । আনহাতে খেল-ধেমালি উদ্বোধন কৰে উপ-সভাপতি মানিক ৰাজকোঁৱৰে । মুকলি সভা আৰু এটি সাংস্কৃতিক কাৰ্য্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি সুৰেশ শইকীয়াই মানুহ কেলেণ্ডাৰৰ বয়সত জীয়াই নাথাকি কৰ্মৰ হিচাপত জীয়াই থাকিবলৈ আহ্বান জনায় ৷ লগতে তেখেতে কয় যে, বিৱেকানন্দ মাথোঁ ৩৯ বছৰ আৰু আনন্দৰাম বৰুৱা মাথোঁ ৩৫ বছৰ জী আছিল যদিও বিশ্বক সৰ্বকালৰ বাবে শ্ৰেষ্ঠখিনি দি গৈছে। বৰ্তমান বিশ্বত বয়সষ্ঠ জনৰ সংখ্যা বৈজ্ঞানিক জীৱন যাপনৰ বাবে যথেষ্ট বাঢ়ি আহিছে বুলিও মন্তব্য কৰে । উল্লেখযোগ্য যে, প্ৰীতি সমাৰোহখনিত বিশিষ্ট অতিথি সোনাৰাম বৰুৱা, কাৰ্তিক চন্দ্ৰ দত্ত, মানিক ৰাজকোঁৱৰ, অজয় লাল বৰুৱা, সুৰেশ বৰা, যোগেশ ৰাজখোৱা, সূৰ্য্য দাস, আৰু সুশীল বৰুৱাকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ সমাবেশ ঘটে । দেবেন চন্দ্ৰ বৰুৱাই সভাপতিত্ব কৰা আৰু দিলীপ শইকীয়াই আঁত ধৰা সভাখনত গীত পৰিবেশন কৰে অনাতাঁৰ গায়ক দিলীপ দাস, বিজুমনি দত্ত, মনোজ কুমাৰ বৰঠাকুৰ, অঞ্জু সাধনিদাৰ, ৰঞ্জু ফুকন, হৰেণ বুঢ়াগোহাঁই আৰু বিভিন্ন দলে। কবিতা পাঠ কৰে ৰবীন বৰঠাকুৰ, জয়া দত্ত ভূঞা, আৰু য়াচমিন আৰা ৰেজাকে । আনহাতে অভিনয় কৰে ইন্দ্ৰ বাইলুং, সুৰেশ চেতিয়া, অজিত খাটনিয়াৰ আৰু তিলক দাসে ৷ ঢোলবাদন আৰু বিহু পৰিবেশন কৰে পদ্মেশ্বৰ চেতিয়া আৰু সদানন্দ কোঁৱৰে । একেখন সভাতেই ৰোগাক্ৰান্ত শিল্পী মাইনা বেজবৰুৱাৰ চিকিৎসাৰ বাবে জ্যেষ্ঠ নাগৰিকসকলে অৰ্থ সাহাৰ্য্য সংগ্ৰহ কৰি পৰিয়ালটিলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ ৰচিটনা প্ৰতিযোগিতাত গৌৰীসাগৰ প্ৰথম আৰু ৰাজগড় প্ৰগতি দল দ্বিতীয় স্থান লাভ কৰাৰ লগতে মহিলাৰ ৰচিটনা প্ৰতিযোগিতাত শিৱসাগৰ প্ৰথম আৰু গড়গাঁও দল দ্বিতীয় হয় ৷ উক্ত প্ৰীতি সমাৰোহত প্ৰায় তিনি শতাধিক জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে ৷