৭৫ সংখ্যক স্বাধীনতা দিৱসৰ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আজি মঙলদৈ মহকুমা সমবায় সমুহৰ নিৰ্দেশ মৰ্মে ছিপাঝাৰ ৰাজচক্ৰৰ অন্তৰ্গত কুৰুৱা সমবায় সমিতি লিমিটেডৰ উদ্যোগত অনুষ্ঠিত হয় এখন সজাগতা সভা।
সানোৱাস্থিত শংকৰ আজান একাডেমীৰ শিক্ষক ৰিয়াজুদ্দিন আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত দৰং জিলা সমবায় সমুহৰ উপ-পঞ্জীয়ক কাৰ্যলয়ৰ জেষ্ঠ পৰিদৰ্শক নুৰুল ইছলামে আগন্তুক ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চৰকাৰে ৰূপায়ন কৰা অমৃত মহোৎসৱ পালনৰ ওপৰত বিস্তৃত ৰূপত বক্তব্য আগবঢ়ায়।
লগতে গাঁৱৰ প্ৰত্যেক ঘৰৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব লাগিব বুলি ব্যক্ত কৰে। সমবায় সমিতিখনৰ সম্পাদক মোস্তাকিম আহমেদে আঁতধৰা সভাত জিলা সমবায় সমুহৰ উপ-পঞ্জীয়ক কাৰ্যলয়ৰ সহকাৰী পৰিদৰ্শক আফ্ৰুজা পাৰবিন, কনিষ্ঠ পৰিদৰ্শক ইদুল আমিন, ধ্ৰুৱজ্যোতি শৰ্মা, দুমুনিচকী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি খছনুৰ আলী আদিয়ে অমৃত মহোৎসৱৰ ওপৰত বক্তব্য আগবঢ়ায়।
অমৃত মহোৎসৱৰ সজাগতা সভাৰ লগত সংগতি ৰাখি বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়।