স্বাধীনতা  অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কৰ্যালয়ৰ উদ্যোগত বৃহত্তৰ বেজেৰা অঞ্চলৰ তিনিখন বিদ্যালয়ক সামৰি এক “প্ৰভাতফেৰী” অনুষ্ঠানৰ আয়োজন কৰা হয়। বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেজেৰা ছিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয় আৰু ১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক তথা স্থানীয় ৰাইজৰ প্ৰায় ১৫০০ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই প্ৰভাতফেৰীয়ে বৃহত্তৰ বেজেৰা অঞ্চল পৰিভ্ৰমণ কৰি “হৰ-ঘৰ-ত্ৰিৰংগা” কাৰ্যসূচী সম্পৰ্কত সজাগতাৰ সৃষ্টি কৰে।

প্ৰভাতফেৰী অনুষ্ঠানত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰাৰ বাবে কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই ছাত্ৰ-ছাত্ৰী সমন্বিতে সকলোকে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে । এই প্ৰসংগত তেওঁ কয় যে এই কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মনত শৈশৱৰ পৰাই দেশাত্মবোধৰ সৃষ্টি কৰি দেশ মাতৃৰ হকে সেৱা আগবঢ়োৱাৰ বাবে উদ্বুদ্ধ কৰিব। কামৰূপ জিলাৰ বিদ্যালয় সমূহত “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি “মোৰ তুলিকাত জাতীয় পতাকা”কে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়।