জম্মু, ১১ আগষ্ট। জম্মু –কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিন্হাই বৃহস্পতিবাৰে ৰাজৌৰী জিলাৰ সেনা শিবিৰত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলৰ সৈতে সঠিকভাৱে মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে সিন্হাই।

উল্লেখযোগ্য যে বুধবাৰে নিশা ৰাজৌৰী জিলাৰ দৰহাল চেক্টৰৰ পাৰগল অঞ্চলত দুজন সন্ত্ৰাসবাদীয়ে সেনা শিবিৰত আত্মঘাতী আক্ৰমণ চলোৱাত তিনিজন সৈনিক নিহত হয়। তাৰ পিছত আক্ৰমণকাৰী দুজনো চাৰি ঘণ্টা ধৰি চলা সংঘৰ্ষত নিহত হয়।