নামনি মাজুলীৰ বিশিষ্ট জৈৱীক কৃষক দ্বীপজ্যোতি বহুমুখীজৈৱিক ফাৰ্মমৰ স্বৰ্তাধিকাৰী দীপক দলেক আজি নগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত এখন আয়ম্বৰপূৰ্ণ সভাত ' কিষাণ শিৰোমণি বঁটা -২০২২ ' প্ৰদান কৰে ৷ যোৱা ৮ আৰু ৯ আগষ্টত নগাঁও মহাবিদ্যালয়ত Society for Biotic and Environment Research য়ে  আয়োজন কৰা Biotic Science Congress 2022 আৰু আন্তঃ চেমিনাৰ International Conference on Recent Advances in Agriculture , Biological and Applied Science Research  কতৃপক্ষই মাজুলীৰ এই আৰ্দশ কৃষক জনক এই বঁটা প্ৰদান কৰে ৷কৃষক দীপক দলেয়ে জৈৱিক পদ্ধতিৰে বিভিন্ন কৃষি উৎপাদন বিশুদ্ধ আৰু পুষ্টিকৰ শাক-পাচলি , ৰঙা চাউলৰ কৃষি কৰি এক সুন্দৰ নজিৰ সৃষ্টি কৰাৰ লগতে স্বৱলম্বৰ উৎকৃষ্ট নিৰ্দশন তুলি ধৰিছে ৷ 

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं