*সোণাৰিত আবকাৰী অভিযান*  

*অবৈধ সুৰা, ভাতী ধ্বংস*

 চৰাইদেউ জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে শুক্ৰবাৰে পুৱাৰ ভাগত পুনৰ এক অভিযান চলায়।

জিলাখনৰ সোণাৰি আবকাৰী পৰিদৰ্শকৰ নেতৃত্বত আবকাৰী অভিযানকাৰী দলে নামতোলা আৰক্ষীৰ সহযোগত জিলাখনৰ লহদৈগড়, অশ্বিনীবিল, সোণাৰি গাহৰীবজাৰ আদি অঞ্চলত এই অভিযান চলায়।

অভিযানকালত দলটোৱে কেইবাটাও স্থানত অসাধু চুলাই মদৰ ব্যৱসায়ীয়ে পাতি লোৱা চুলাইৰ ভাতী উচ্ছেদ কৰাৰ লগতে প্ৰায় ৮৮০ লিটাৰ চুলাই মদ তৈয়াৰৰ বাবে ৰখা পাছ, ৫টা সুৰা তৈয়াৰত ব্যৱহৃত যন্ত্ৰ জব্দ কৰাৰ লগতে প্ৰায় ২৫ লিটাৰ বিক্ৰীৰ বাবে ৰখা চুলাই মদ আৰু প্ৰায় ডেৰ লিটাৰ দেশীয় সুৰা তথা ২ বটল অসমত বিক্ৰীৰ বাবে অনুমতি থকা ভাৰতত তৈয়াৰী বিলাতী সুৰাৰ বটল জব্দ কৰে।

অভিযানকাৰী দল যোৱাৰ উমান পাই অবৈধ সুৰাৰ ব্যৱসায়ীসকল পলাই সাৰে। এই সন্দৰ্ভত অবৈধ সুৰাৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে মুঠ ৬ টা গোচৰ ৰুজু কৰা হয় বুলি চৰাইদেউ জিলাৰ আবকাৰী সূত্ৰই জানিবলৈ দিছে।