শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ জিলা সত্ৰ মহাসভা , শিৱসাগৰ যুৱ দল , শ্ৰী শ্ৰী শঙ্কৰদেৱ সমাজৰ উদ্যোগত উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ অভিনন্দন গ্ৰন্থৰ উন্মোচন কাৰ্য্যসুচী গাম্ভীৰ্য্য পূৰ্ণ ভাৱে শিৱসাগৰ যুৱ দলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। শিৱসাগৰ জিলা সাহিত্য সভাৰ বিষয় ববীয়াৰ লগতে সমুহ শাখাৰ বিষয় ববীয়া আৰু সদস্যৰ উপস্থিতিত বহুকেইগৰাকী বিশিষ্ট সাহিত্যিক আৰু সমাজ সেৱকৰ অংশ গ্ৰহনেৰে এই কাৰ্য্যসূচী সমাপন হয় ।অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড° নাহেন্দ্ৰ পাদুনৰ লগতে উপস্থিত থাকে ড° বসন্ত গোস্বামী , শিৱসাগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী ড°নিৰূপমা মহন্ত, উপস্থিতিত এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়।
শিৱসাগৰ যুৱদলত জিলা সাহিত্য সভাৰ উদ্যোগত উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ অভিনন্দন।গ্ৰন্থ উন্মোচন।
