শিৱসাগৰ জিলাত ধুমুহা, বানপানী, খহনীয়া, বজ্ৰপাত, অগ্নি আদি প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ব্যক্তি, পৰিয়াল, অনুষ্ঠান-প্ৰতিষ্ঠান আদিক ক্ষতিপূৰণ দিয়া সন্দৰ্ভত আজি শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত শোভন গোৱলাৰ সভাপতিত্বত এখনি সভা অনুস্থিত হয় । চক্ৰ পৰ্যায়ৰ টাস্ক ফ’ৰ্চে অনুমোদিত কৰা প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ব্যক্তি, পৰিয়াল, অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ বিভিন্ন বিভাগৰ পৰা পোৱা তালিকা আজিৰ সভাই ক্ষতিপূৰণ দিয়াৰ বাবে অনুমোদন জনায় ।

  সভাই অনুমোদন জনোৱা বিভিন্ন বিভাগৰ ক্ষতিগ্ৰস্ত আঁচনি সমূহ হৈছে – জলসম্পদ বিভাগৰ ২৯ খন আঁচনি, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ৪৮ খন আঁচনি, লোক নিৰ্মাণ (পথ) বিভাগৰ ১ খন আঁচনি, শিক্ষা বিভাগৰ ১৯ খন বিদ্যালয় আৰু সমাজ কল্যাণ বিভাগৰ ৯টা অঙ্গনবাদী কেন্দ্ৰ ।মুঠ ক্ষতিৰ পৰিমাণ ৮৪,২৮,৮৮,৫৩৮.০০ টকা । 

  আজিৰ সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী দলে, অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম, নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, আটাইকেইটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকল, বিভাগীয় মুৰব্বী বিষয়া সকলৰ উপৰিও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া ৰূপমজ্যোতি বৰা উপস্থিত থাকে ।