বিশ্বনাথৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক মুখ্যমন্ত্ৰী উপহাৰ বিতৰণ। 

বিশ্বনাথ ৩০ জানুৱাৰী :

আজি বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয় সভাকক্ষত বিশ্বনাথৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক দীপক শৰ্মা আৰু শ্ৰীমন্ত দাসকে ধৰি বহু কেইজন সাংবাদিকক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা উপহাৰ টোপোলা আজি বিশ্বনাথ জিলা আয়ুক্ত ড০ নেহা যাদৱে প্ৰদান কৰে। জিলা আয়ুক্ত ডা:নেহা যাদৱে প্ৰদান কৰাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক তথা বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মা সম্পাদক শ্ৰীমন্ত দাসে জিলা আয়ুক্ত ড০নেহা যাদৱ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা উপহাৰ গ্ৰহণ কৰে।

ইফালে জিলা আয়ুক্ত ড০ নেহা যাদৱৰ সৈতে বিহালী প্ৰেছ ক্লাৱৰ হৈ উপস্থিত থকা সভাপতি দীপক শৰ্মা আৰু সম্পাদক শ্ৰীমন্ত দাসৰ সৈতে মত-বিনিময় কৰি জিলা খনৰ বহু কেইটা গুৰুত্বপূৰ্ণ সমস্যা লগতে ভৱিষ্যত পৰিকল্পনা কথা অৱগত কৰি মুখ্যমন্ত্ৰীৰ লগতে জিলা প্ৰশাসনে লোৱা পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানত উপস্থিত স্বীকৃতিপ্ৰাপ্ত সাংবাদি দীপক শৰ্মা, জ্যেষ্ঠ সাংবাদিক নগেন শইকীয়া, শ্ৰীমন্ত দাসে বিভিন্ন সাংবাদিকতা জীৱনৰ কিছু নিজৰ নিজৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে।

ইফালে জিলা খনৰ সাংবাদিক সকলৰ কাম কাজৰ লগতে সহায় সহযোগিতাক জিলা আয়ুক্ত ড০ নেহা যাদৱে প্ৰশংসা কৰে।