ৰহা পৰা প্ৰায় ৭কিলোমিটৰ দুৰত স্থিত তথা মৰিগাঁও জিলা অন্তৰ্গত বাৰহপূজীয়া ত অহা ৩১ জানুৱাৰীৰ পৰা ৪দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হব অসম সাহিত্য সভাৰ বাৰহপূজীয়া একাদশ বিশেষ বাৰ্ষিক অধিবেশন।অধিবেশন ৰ বাবে পুৰ্ন গতিত চলি আছে প্ৰস্তুতি।

      বাৰহপূজীয়া স্থিত পাঁচোৰজা সমন্বয় ক্ষেত্ৰত অহা ৩১ জানুৱাৰী ৰ পৰা আৰম্ভ হব লগা অসম সাহিত্য সভাৰ বাৰহপূজীয়া একাদশ বিশেষ বাৰ্ষিক অধিবেশনৰ বাবে হেমন্ত কুমাৰ দেউৰীক সভাপতি,ড° বিৰিঞ্চি কুমাৰ শৰ্মাক কাৰ্য্যকৰী সভাপতি আৰু ড° প্ৰদীপ কুমাৰ ডেকাক সম্পাদক হিচাপে লৈ এখন শক্তিশালী আদৰনী সমিতি গঠন কৰাৰ লগতে বিভিন্ন  বিভাগৰ ৩৪খন উপসমিতি গঠন কৰি ব্যাপক প্ৰস্তুতিৰ বাবে দিনে ৰাতি লাগি আছে।

    সমন্বয় ক্ষেত্ৰত ১০হেজাৰ মানুহ বহিব পৰা এখন সভা পেন্ডোল নিৰ্মাণ কৰা হৈছে।

     আদৰনি সমিতিয়ে জানিব দিয়া মতে ৩১ জানুৱাৰী ত পূবা সাহিত্য ৰথি লক্ষ্মীনাথ বেজবৰুৱা জন্মস্থান আঁহতগুৰি ত সাহিত্যৰথীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰি ৪দিনীয়া অধিবেশনৰ শুভাৰম্ভ কৰা হব।

       অধিবেশন উপলক্ষে বানিজ্য আৰু গ্ৰন্থ মেলা আয়োজন হোবাৰ লগতে অনুষ্ঠিত হব লগা  মুকলি সভাত মুখ্য অতিথি ৰূপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ লগতে বিশিষ্ট,আমন্ত্ৰিত অতিথি ৰূপে গনমান্য ব্যক্তি উপস্থিত থাকিব।

   অধিবেশন উপলক্ষে ২ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ সভাপতিক লৈ বাৰেৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰা উলিওৱা হব।

     অধিবেশন সফল কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোবাৰ লগতে আদৰনি সমিতি,উপ সমিতিৰ লগতে ৩৪উপ সমিতি দিনে নিশাই ব্যস্ত থকাৰ লগতে উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে বাৰহপূজীয়া ত।