সোণাৰিত গঢ়ি তোলা হৈছে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা। 

স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইটামান দিন বাকী। সষ্টম হৈ উঠিছে চৰাইদেউ আৰক্ষী তথা ভাৰতীয় সেনা। ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত গঢ়ি তুলিছে নিশ্চিদ্ৰ তালাচী অভিযান। দুষ্কৃতিকাৰীয়ে যাতে কূটাঘাট সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সোণাৰিত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। ইফালে সোণাৰিৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত সাম্ভাব্য কূটাঘাতকাৰীৰ সন্ধানত আজি অভিযান চলাই সেনা বাহিনীৰ বৃহৎ দলে।