সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখতো ভাৰতৰ ৭৫তম্ প্ৰতিষ্ঠা দিৱস উল্লহ মালহেৰে পালন কৰা হয় আৰু সমস্ত ক্ষেত্ৰ গীত নৃত্যৰে মুখৰিত হৈ পৰে।

       ৰহা,চাপৰমুখ ৰ চৰকাৰী, বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয় আৰু বিভিন্ন চৰকাৰী কাৰ্য্যালয়ত ৭৫তম্ গনতন্ত্ৰ দিৱস পালন কৰাৰ সমান্তৰালকৈ ৰহা পুৰনাচাৰিআলী স্থিত কেন্দ্ৰীয় গনতন্ত্ৰ দিৱস উদযাপন সমিতি আৰু স্থানীয় প্ৰশাসন ৰ উদ্যোগত অনুষ্ঠিত ৭৫তম্ কেন্দ্ৰীয় গনতন্ত্ৰ দিৱস উপলক্ষে পূবা ৯বজাত ৰহা ৰাজহ চক্ৰ বিষয়া তথা ৭৫তম্ কেন্দ্ৰীয় গনতন্ত্ৰ দিৱস উদযাপন সমিতিৰ সভাপতি সুপ্ৰভা ৰয়ৰ দ্বাৰা পতাকা উওোলন কৰাৰ পাছত বীৰ স্বহীদ সকলৰ স্মৃতি ত শ্ৰদ্ধাঞ্জলি অৰ্পন কৰা হয়।

   পাছত ৰহা মহাবিদ্যালয় এন চি চি ৰ কুচকবাজ প্ৰদৰ্শন কৰাৰ পাছত অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানত অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ ছাত্ৰী সকলৰ দ্বাৰা তিবা, মিছিং,বড়ো,ভাৰত নাট্যম,তান্ডব নৃত্য, গোবালপৰিয়া নৃত্য ৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী ৰ নৃত্য প্ৰদৰ্শন কৰাৰ লগতে ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰ ছাত্ৰ ছাত্ৰী সকলে যোগাসন কৰি সকলোকে আপ্লুত কৰাৰ লগতে সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।

       লগতে সাংস্কৃতিক অনুষ্ঠান ত অংশ গ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰী ক ৭৫ তম্ গনতন্ত্ৰ দিৱস উদযাপন সমিতিৰ সভাপতি সুপ্ৰভা ৰয় আৰু সম্পাদক ডিম্বেশ্বৰ ভূঞা ৰ দ্বাৰা স্বাক্ষৰিত এখনকৈ অংশ গ্ৰহণৰ মানপত্ৰ প্ৰদান কৰে।

      গনতন্ত্ৰ দিৱস ত ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাস,ৰহা আৰক্ষী নিবেশৰ ভাৰপ্ৰাপ্ত বিষয়া মনিৰাম কলিতা, ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথ,ৰহা পৌৰসভা পৌৰপতি বন্তি হাজৰিকা, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ মনিৰাম নাথ, জ্যেষ্ঠ নাগৰিক মাধব চন্দ্ৰ নাথ,ৰহা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক বিনোবা ৰাজবংশী সহ বিভিন্ন চৰকাৰী বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয় ৰ শিক্ষক, শিক্ষয়ত্ৰী,ছাত্ৰ ছাত্ৰী,বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰ প্ৰতিনিধি আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।

     লগতে ৰহা হাৰিয়ামুখ মুছলমান গাঁও স্থিত ৰেনবো ক্লাবৰ দ্বাৰা ৭৫ সংখ্যক গনতন্ত্ৰ দিৱস উদযাপন কৰা হয়।