ৰহা কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড মিছন সমন্বয়কৰ কাৰ্য্যালয় প্ৰাংগনত আজি কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্য্যালয় দ্বাৰ কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমৰ বৰুৱাই বন্তি প্ৰজ্বলন আৰু ফিতা কাটি উদ্বোধন কৰে।

    কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক লক্ষী প্ৰসাদ ডেকাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ৰঞ্জিত পাতৰ,উপ কাৰ্য্যকৰি সভাপতি মিত্ৰ ৰাজখোৱা,গীতাঞ্জলি দাস, সহ সম্পাদক দিলীপ বৰা, ৰঞ্জন কুমাৰ নাথ, সুৰেন বৰা সহ কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী ৰ বিষয় ববীয়া উপস্থিত থাকে।