মানব অধিকাৰ সংগ্ৰাম সমিতি (মাছ)কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি ৰহা আঞ্চলিক সমিতিৰ দ্বাৰা ৰহা,চাপৰমুখ অঞ্চলৰ বিভিন্ন  ক্ষেত্ৰত অবদান দিয়া আৰু জ্যেষ্ঠ ব্যক্তি সহ ২৭গৰাকী ব্যক্তিৰ ঘৰে ঘৰে গৈ এখন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ভোগালী বিহুৰ ওলগ জনাই আশীৰ্বাদ লয়।

   মাছৰ এই অনুষ্ঠানত মানব অধিকাৰ সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকা, ৰহা আঞ্চলিক সমিতিৰ সচিব খনিকৰ ডেকা, কাৰ্য্যকৰী সদস্য দ্বয় নব প্ৰতিম ডেকা,চুনু কোঁৱৰ, জিলা সাংগঠনিক সচিব জিতু বৰদলৈ সহ এক প্ৰতিনিধি দল উপস্থিত থাকে।

    মাছৰ এই পদক্ষেপ ৰ সকলো প্ৰশংসা কৰে।