স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি গহপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ত শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ নামত এটি পুথিভঁৰাল উন্মোচন কৰে মহকুমাধিপতি শ্ৰী দিপন বৰ্মনে৷

মহকুমাধিপতিৰ কাৰ্যালয়লৈ অহা ৰাইজে সময়ৰ সদ্ব্যহাৰৰ বাবে এই পুথিভঁৰাল ব্যৱহাৰ কৰিব পাৰিব।

মহকুমাধিপতিয়ে এই পুথিভঁৰালটি টনকীয়াল আৰু সৰ্বাংগসুন্দৰ কৰি তুলাৰ অৰ্থে গহপুৰৰ সমূহ গ্ৰন্থপ্ৰেমী আৰু শিক্ষানুৰাগী ৰাইজক গ্ৰন্থদান কৰিবলৈ আহ্বান জনায়।