সাঁত বছৰীয়া হল মাজুলী ৷ তিনিদিনীয়াকৈ জিলা প্ৰশিসনে উদযাপন কৰিলে জিলা দিৱস ৷ 

মাজুলীৰ অৰ্ধ শতাধিক গাঁৱত জলহ - মালহেৰে স্বচ্ছতা , নাম প্ৰসংগ , গায়নবায়নৰ লগতে অপৰিসীম উচাহত জনগনে উদযাপন কৰিলে জিলা দিৱস ৷

মাজুলীৰ গাঁও সমুহৰ দৰেই শ্ৰৰীৰাম আৰু ৰঙাচাহী গাঁও পঞ্চায়ত কাৰ্যালয়তো দিনযোৰাকৈ ভাগৱত পাঠ আৰু মহিলাৰ   দিহানামে মুহিলে ভকত -বৈষ্ণৱক ৷ 

শ্ৰীৰাম গাঁও পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱা আৰু ৰঙাচাহী গাঁও পঞ্চায়তৰ সভাপতিৰ তৎপৰতাত অনুষ্ঠিত দিহানাম  ৷ দুয়োজন সভাপতিয়েই ৰাইজৰ ওচৰত দণ্ড- খৰচা আগবঢ়াই  প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মাজুলীৰ সুমঙ্গল কমনা কৰা পৰিলক্ষিত হয় ৷