ৰহা সমষ্টিৰ অন্তৰ্গত ফুলগুৰি হাইস্কুলৰ ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা অহা ১২ জানুৱাৰীত এদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰিবলৈ উদযাপন সমিতি গঠন কৰি ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

    ১২ জানুৱাৰী ১৯৫৯চনত স্থাপিত ঐতিহ্যমণ্ডিত ফুলগুৰি হাইস্কুলে অহা ১২ জানুৱাৰীত গৌৰৱপূৰ্ন ৬৫তম বৰ্ষত পদাৰ্পন কৰিব সেইয়ে অহা ১২ জানুৱাৰীত এদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে ৬৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ উওম চন্দ্ৰ শইকীয়াক সভাপতি,বিদ্যালয় ৰ প্ৰধান শিক্ষয়ত্ৰী অঞ্জনা বৰাক সম্পাদক, যোগেশ্বৰ বৰদলৈক কাৰ্য্যকৰি সভাপতি, কুমুদ মেধি,লম্বোদৰ ফুকন,প্ৰনবজ্যোতি বৰকাকতীক উপ সভাপতি, জ্যোতি শংকৰ নাৰায়ন বৰুৱাক যুটিয়া সম্পাদক আৰু দিব্যজ্যোতি হীৰাক সহকাৰী সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি আৰু বিভিন্ন বিভাগৰ উপ সমিতি গঠন কৰি ইতিমধ্যে প্ৰস্তুতি ব্যাপক ভাবে চলাই থকা হৈছে।

      উদযাপন সমিতিয়ে জানিব দিয়া মতে ১২ জানুৱাৰীৰ পূবা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়ন আৰু সম্বৰ্ধনা অনুষ্ঠান ৰ পাছত বিদ্যালয় পতাকা আৰু ৬৫সংখ্যক প্ৰতিষ্ঠা দিৱস পতাকা উওোলন কৰিব ক্ৰমে বিদ্যালয় প্ৰধান শিক্ষয়ত্ৰী তথা সমিতি সম্পাদিকা অঞ্জনা বৰা আৰু উদযাপন তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উওম চন্দ্ৰ শইকীয়াই।তাৰ পাছত স্মৃতি তৰ্পন কৰিব ক্ৰমে উদযাপন সমিতিৰ কাৰ্য্যকৰি সভাপতি যোগেশ্বৰ বৰদলৈ আৰু উদযাপন তথা বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি কুমুদ মেধিয়ে।

      পূবা ৯বজাত সাংস্কৃতিক শুভাযাত্ৰা ৰ লগতে বিদ্যালয় সংগীত উন্মোচন কৰিব অসমীয়া চলচিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা।১০.৩০বজাত গুৰু প্ৰনাম অনুষ্ঠানৰ উদ্বোধন কৰিব নগাঁও জিলা বিদ্যালয় সমূহৰ  পৰিদৰ্শক প্ৰভাত দাস।

গুৰু প্ৰনাম অনুষ্ঠানত বিশিষ্ঠ অতিথি ৰূপে নগাঁও জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি ৰঞ্জিত শইকিয়া, সম্পাদক যোগেশ্বৰ ৰাজখোৱা, নগাঁও জিলা আন্ত জিলা হাইস্কুল পৰিক্ষা পৰিষদৰ সভাপতি বকুল নাথ,সম্পাদক উৎপল বৰা উপস্থিত থাকিব।

    ১১ -৩০বজাত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন আৰু অন্তৰংগ আলাপ অনুষ্ঠান ৰ উদ্বোধন কৰিব ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে।

৩বজাত বিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ কাৰ্য্যকৰি সমিতি গঠন আৰু বিয়লী ৪-৩০বজাত ৬৫তম প্ৰতিষ্ঠা দিৱস উপলক্ষে ৬৫খন বন্তি প্ৰজ্বলন কৰি এদিনীয়া কাৰ্য্যসূচীৰ সফল সমাপন কৰা হব।