দৰিদ্ৰতাই কোঙা কৰা টিংখাঙৰ এটা পৰিয়ালৰ দুৰ্দশা। পিতৃ মাতৃৰ অকাল মৃত্যুৰ পিছত ঘাটমাওৰা হোৱা প্ৰকাশ চাৰ্কিয়ে বায়েক আৰু 4 বছৰীয়া কণমানি ভায়েকক এৰি ধন ঘটিবলৈ বহিৰাষ্ট্ৰলৈ ৰাওনা হয়। টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত বাহনি গাঁৱৰ প্ৰয়াত বিষ্ণু চাৰ্কীৰ পুত্ৰ প্ৰকাশ চাৰ্কি নামৰ ২৩ বছৰীয়া যুৱকজনে বহিৰাষ্ট্ৰত ধন ঘটি আহি তেওঁলোকৰ উৰুষা প্ৰজাটো বনোৱাৰ সপোন দেখিছিল।

প্ৰায় 6 মাহৰ পূৰ্বে ঘৰৰ পৰা যোৱা প্ৰকাশ চাৰ্কীয়ে তামিলনাডুৰ এখন হোটেলত কৰ্মৰত হৈ আছিল। পদে পদে বিপদে যেন লগ এৰা নাই পৰিয়ালটোক। তামিলনাডুৰ কৰ্মস্থলীতে মঙ্গলবাৰে ৰহস্যজনকভাৱে মৃত্যুক আকোৱালি লয় প্ৰকাশ চাৰ্কী নামৰ যুৱকজনে।

যুৱক জনৰ মৃত্যুৰ খবৰ অহাৰ লগে লগেই এটা জৰাজীৰ্ণ বাসগৃহত দুৰ্বিসহ জীৱন সংগ্ৰাম কৰি অহা বায়েক আৰু কণমানি ভায়েকেৰ মূৰত যেন সৰগহে ভাগি পৰিল। সুদূৰ তামিলনাডুৰ পৰা মৃতদেহ অনাৰ দূৰৰে কথা চাবলৈ যাবলৈও কোনো উপায় নাই তেওঁলোকৰ হাতত।

কি পৰিস্থিতিত যুৱকজনে মৃত্যুক আকোৱালি ল'ব লগা হ'ল সেয়া ৰহস্যৰ আৱত্তত। উপাৰ্জনৰ কোনো পথ নথকা দুভগীয়া লৰা ছোৱালী হালক সহায় কৰিবলৈ চৰকাৰ তথা স্থানীয় বিধায়কক আহ্বান জনাইছে ৰাইজে।