সোমবাৰে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি উত্তম দিহিঙীয়াই মৰাণ হাটত টাই আহোম সহ অসমৰছয় জনগোষ্ঠীক ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰিবলৈ দাবী জনাই অন্যথা নিৰ্বাচনত বিজেপি দলে যোগ্য প্ৰত্যুত্তৰ পাব বুলি সঁকিয়াই দিয়ে যুৱ নেতাজনে।জনজাতিকৰণ টো ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে নিৰ্বাচনৰ প্ৰাকমূহুত্তৰ্ত এটা ঘোষনা কৰে , নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছতএই কথাবিলাক ফুটুকাৰ ফেনত পৰিণত হয়। কিন্তু এইবাৰ নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত যদি।জনজাতি কৰণ নকৰে , তেতিয়াহ'লে বিজেপি চৰকাৰক ওফৰাবলৈ যিধৰণৰ প্ৰক্ৰিয়া গ্ৰহন কৰিব লাগে তেনেধৰণৰ প্ৰক্ৰিয়া গ্ৰহন কৰিব আৰু ইতিমধ্যে গাঁও অঞ্চলত জনজাগৰণ সভা অনুষ্ঠিত কৰিছে বুলি মত প্ৰকাশ কৰে।