চৰাইদেউ জিলাৰ মৰাণহাটত অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ নিৰ্দেশ মৰ্মে চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্দ্যোগত আৰু লাকুৱা আৰু মাহমৰা ব্লক কংগ্ৰেছ কৰ্মীৰ সহযোগত স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূতি উপলক্ষে স্বাধীনতাৰ গৌৰবময় যাত্ৰাৰ অনুষ্ঠান অনুষ্ঠিত হয়।

৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰিছে স্বাধীনতাৰ গৌৰবময় যাত্ৰা।

কংগ্ৰেছ দলৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাত উপস্থিত থাকে বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙ্গীয়া, চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈ লগতে কংগ্ৰেছ দলৰ কেইবাগৰাকী বিষয়ববীয়া, সদস্য-সদস্যাই।