মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ দাবীত নতুন দিল্লীত অৰ্ধ উলংগ প্ৰতিবাদ। অসমৰ অন্যতম আদিম ভূমিসন্তান মটক জনগোষ্ঠীক জনজাতিকৰণ আৰু পূৰ্ণ স্বায়ত্ত শাসন প্ৰদান কৰাৰ দাবীত বিগত বহু বছৰ ধৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। বৃহস্পতিবাৰেও মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত নতুন দিল্লীৰ যন্তৰ মন্তৰত অৰ্ধ উলংগ হৈ সাব্যস্ত কৰে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা।

মটক সকলক পূৰ্ণ স্বায়ত্ত শাসন প্ৰদান কৰা।

আলফা চৰকাৰৰ শান্তি আলোচনা পুনৰুদ্ধাৰ কৰা।

অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰা আদি কেইবাটাও দাবী আগত লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ।