ৰঙাপৰা সমষ্টিত ফুটবল টূৰ্নামেণ্ট। শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ফুটবল টূৰ্ণামেন্ট। সমষ্টিটোৰ প্ৰাক্তন বিধায়ক প্ৰয়াত ৰাজেন বৰঠাকুৰৰ সোঁৱৰনত সমষ্টি ভিত্তিত আয়োজিত কৰা হৈছে এই খেলখন।

সমষ্টিটোৰ মুঠ ১৮ টা আৰু দুটা পৌৰসভাৰ পৰা মুঠ ২০ টাকৈ দলে অংশগ্ৰহন কৰিবলগীয়া খেলখনিৰ শুভাৰম্ভ কৰে বিধায়ক কৃষ্ণ কমল তাঁতীয়ে। ঘোড়াঁমাৰী ৰাজহুৱা খেলপথাৰত আয়োজিত এই ফুটবল খেলখনত চিলনি পঞ্চায়ত FC আৰু মানশিৰি পঞ্চায়ত FC ৰ মাজত হোৱা এই ৰোমাঞ্চকৰ খেলখনত পানিপোটা FC য়ে ৩-০ গ'লৰ ব্যৱধানত বিজয় সাৱ্যস্ত কৰে।