ছিপাঝাৰৰ ধলপুৰত পানীত পৰি মৃত্যু এজন ছাত্ৰৰ ৷
ব্ৰহ্মপুত্ৰত মাছ ধৰিব গৈছিল সমনীয়াৰ সৈতে ছাত্ৰজন ৷
মৃত ছাত্ৰজনৰ নাম মাহিন আখটাৰ ৷
বাজনাপথাৰ পঞ্চায়তৰ অন্তৰ্গত ধলপুৰত ঘৰ ছাত্ৰজনৰ ৷
সুৰভী একাডেমীৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আছিল মৃত মাহিন আখটাৰ ৷
মেধাৱী ছাত্ৰজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ ৷