সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ লাইখোটা স্থাপন
অহা ৯,১০ আৰু ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হব লগা সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মূল মণ্ডপৰ আজি লাইখোটা স্থাপন কৰা হয়। পুৱা ভকত সকলৰ দ্বাৰা নাম কীৰ্ত্তন অনুষ্ঠিত হোৱাৰ পিছত মণ্ডপৰ লাইখোটা স্থাপন কৰে সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি, সাংসদ তপন কুমাৰ গগৈয়ে। অনুষ্ঠানত সোণাৰি মহাবিদ্যালয়ৰ অধক্ষ বিমল চন্দ্ৰ গগৈ, পৌৰপতি তিলক চন্দ্ৰ নেওগ প্ৰমুখ্যে ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে
 
  
  
   
   
   
  