অহা ৪ বছৰৰ ভিতৰত মৰাণ সমষ্টিৰ প্ৰায় ৯৫ শতাংশ জৰাজীৰ্ণ পথ মেৰামতি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । মৰাণৰ সমীপৰ তিলৈজান মুণ্ডা লাইনৰ এটা অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে বিধায়ক চক্ৰধৰ গগৈয়ে । তেওঁ কয় যে বিগত কাৰ্যকালত বহুকেইটা পথ পকীকৰণ কৰা হৈছে । এইবাৰো ২০২২-২০২৩ বৰ্ষত প্ৰায় ২৫ কিল'মিটাৰ পথ নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে লগতে কেইবাটাও ভগ্নপ্ৰায় পথ পুনৰ নিৰ্মাণ কৰি সক্ৰিয় অৱস্থালৈ অনা হ'ব । ইয়াৰ বাবে কিছু ধৈৰ্যৰ প্ৰয়োজন । উল্লেখযোগ্য যে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা ২৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা তিলৈজান মুণ্ডালাইন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটো উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভাও অনুষ্ঠিত হয় । সভাত বিধায়ক গৰাকীৰ লগতে খোৱাং উন্নয়ন খণ্ডৰ বিষয়া, পঞ্চায়তৰ নেতা-কৰ্মীৰ সহিতে স্থানীয় লোক সকল উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Devendra Fadnavis यांचा Foxconn Vedanta प्रकल्पावरून ठाकरेंना सवाल | Aaditya Thackeray
Devendra Fadnavis यांचा Foxconn Vedanta प्रकल्पावरून ठाकरेंना सवाल | Aaditya Thackeray
মৰাণত খোবাং মণ্ডল বিজেপিৰ উদ্যোগত প্ৰভাতীফেৰী কাৰ্যসূচীত বিধায়ক চক্ৰধৰ গগৈৰ অংশগ্ৰহণ
মৰাণত খোবাং মণ্ডল বিজেপিৰ উদ্যোগত প্ৰভাতীফেৰী কাৰ্যসূচীত বিধায়ক চক্ৰধৰ গগৈৰ অংশগ্ৰহণ
ભારતીય મહિલા ક્રિકેટ ટીમમાં છોટાઉદેપુર જિલ્લાના કવાટ તાલુકાના સિંહદા ગામની મોનાબેન રાઠવા ની ભારતીય મહિલા ક્રિકેટ ટીમમાં સિલેક્ટ થતા છોટાઉદેપુર જિલ્લાનું ગૌરવ
ગુજરાત રાજ્યના છોટાઉદેપુર જિલ્લાના કવાટ તાલુકાના નાનકડા ગામ એવા સિંહદા ની આદિવાસી રાઠવા સમાજની...
এটি হৃদয় বিদাৰক দৃশ্য: কিশোৰী কন্যাৰ মৃতদেহক সাৱতি পিতৃৰ কান্দোন
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহচক্ৰৰ অন্তৰ্গত সাগৰকুছি নিবাসী মহেশ বৰুৱা আৰু ৰীতা বৰুৱাৰ জিয়ৰি চৈধ্য...