আজিৰ খবৰ, গুৱাহাটী , ২২ জুলাই : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিগত সময়চোৱাত অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছৰ সমান্তৰালভাৱে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় গো মাফিয়া সকলৰ বিৰুদ্ধেও অভিযান চলাই আহিছে । কিন্তু ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত যিমান সফলতা আৰক্ষীয়ে লাভ কৰিছে তাৰ তুলনা গো মাফিয়া সকলৰ বিৰুদ্ধে চলোৱা অভিযানত সিমান সফলতা লাভ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। আনটো বাদেই পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ড আৰু পলাশবাৰী থানাৰ অধীনৰ অসম মেঘালয় সীমান্তৰ মাটাইখাৰ, ৰংচাই, বাখলাপাৰা, পাটগাঁও আদি অঞ্চলৰ বিভিন্ন পথৰে দিনৰ পোহৰতে নম্বৰপ্লেট বিহীন ডি আই বা পিক আপ ভানৰে প্ৰায় নিয়মীয়াকৈ চোৰাংকৈ মেঘালয়লৈ গৰু সৰবৰাহ হৈ আছে। প্ৰাপ্ত খবৰ অনুসৰি মুদুকী , ৰংচাই, বাখলাপাৰা হৈ গাতে লগা মেঘালয়ৰ ৰিভয় জিলাৰ পাথাৰখামাৰ দিশে গৰু সৰবৰাহ কৰা প্রত্যক্ষ কৰি আহিছে বহুলোকে । অঞ্চলটোৰ একাংশ লোকে জানিবলৈ দিয়া মতে মেঘালয়লৈ চোৰাংকৈ গৰু সৰবৰাহ কৰা আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৰ নেতৃত্বত আছে তাৰ পৰা কিছু নিলগৰ বৰদুৱাৰ বাগানৰ শান্তিপুৰৰ তাজিম আলী নামৰ এজন মাফিয়া । তেওঁৰ সৈতে গো সৰবৰাহকাৰী দুষ্ট চক্ৰটোত আছে বিভিন্ন সমাজ বিৰোধী কার্যত জড়িত ক্রমে আনোৱাৰ আলী, জমচেৰ আলী, আব্দুল আলী , গোমচেৰ আলীকে ধৰি আন কেবাজনো। জানিব পৰা মতে পলাশবাৰী থানাৰ অন্তর্গত কিন্তু আৰক্ষীৰ পহৰা ব্যৱস্থা নথকা পশ্চিম গুৱাহাটীৰ মাটাইখাৰ, ৰংচাই, পাটগাঁও, বাখলাপাৰা আদি সীমান্তবর্তী অঞ্চলৰ বাট পথ সমূহ দলংসহ উন্নয়ন সাধন হোৱাত এতিয়া গো মাফিয়া সকলে সেই পথ ব্যবহাৰ কৰি মেঘালয়ৰ ৰিভয় জিলাৰ একাংশ দুর্নীতিগ্ৰস্ত আৰক্ষীৰ সহযোগত সৰুপাহাম, জিৰাং , পাথাৰখামা হৈ বাংলাদেশলৈ কৌশলেৰে চোৰাংকৈ গৰু সৰবৰাহ কৰি আহিছে। জানিব পৰা মতে গো মাফিয়া চক্ৰটোৱে মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰা গৰু সমূহ দক্ষিণ কামৰূপৰ গৰৈমাৰী, সোণতলী নগৰবেৰা, কালাতলীৰ উপৰিও বৰপেটা জিলাৰ বহৰি আদি অঞ্চলৰ পৰা সংগ্ৰহ কৰে। তাৰ পাছত চেগ বুজি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে সহজে বাটৰহাট , ৰঙামাটি , শানপাৰা , জজি , সতপুৰ , লোহাৰঘাট , গাড়ীৰলিক , মাটাইখাৰ , পাটগাঁও , ৰংচাই , বাখলাপাৰা হৈ টাটা ডি আই বা বলেৰো পিক আপ ভানেৰে , মেঘালয়ৰ ৰিভয় জিলাৰ সৰুপাহাম, জিৰাং, পাথাৰখামাত প্ৰৱেশ কৰে। প্ৰাপ্ত অভিযোগ অনুসৰি গৰুবোৰ বৰদুৱাৰ বাগানৰ ওচৰৰ নতুন চিমিনাবস্তিৰ আব্দুল আলী নামৰ লোকজনৰ ঘৰত এদিন বা দুদিন ৰাখি থোৱা হয় । তাৰ পাছত গৰুবোৰ উল্লিখিত নিৰ্দিষ্ট পথৰে মেঘালয়ৰ দিশে লৈ যোৱা হয় । গৰুবোৰ মেঘালয়লৈ পাৰ কৰোৱা কাৰ্যত সন্তোষ কছাৰী , ৰজত ৰাভা , বিশ্ব ৰাভা নামৰ অঞ্চলটোৰ কেবাজনো তথাকথিত নেতাই বৃহৎ ধনৰ বিনিময়ত সহযোগ কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি মেঘালয়লৈ গৰু সৰবৰাহ হৈ থকাৰ দৰে গুৰুত্বপূৰ্ণ আৰু অতি স্পৰ্শকাতৰ বিষয়টোত কামৰূপৰ ছয়গাঁও আৰু পলাশবাৰী আৰক্ষী থানাৰ লগতে বিজয়নগৰ আৰক্ষী চকীয়ে দেখুওৱা ৰহস্যজনক ভূমিকাই ৰাইজৰ মাজত বহুতো প্ৰশ্নৰ উদ্ৰেক কৰিছে । উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোত এই পর্যন্ত আৰক্ষীৰ কোনো পহৰা ব্যৱস্থা নাই। যাৰবাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে মধ্যবর্তী আৰু সকলো ফালৰ পৰা যোগাযোগৰ সুচল স্থান হিচাপে পৰিচিত মাটাইখাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ বা মাটিফুটা সত্ৰৰ সমীপত আৰক্ষী চকী স্থাপন কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে । আনহাতে এইক্ষেত্ৰত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ তৎপৰতা কামনা কৰিছে সচেতন লোকসকলে । শেহতীয়াভাবে কৃষি কাৰ্যত ব্যবহাৰ হোৱা ইউৰীয়া সাৰ গৰুৰ দৰে একে পদ্ধতিৰে ডি আই বা বলেৰো পিক আপ ভানৰে উল্লিখিত পথৰে চোৰাংকৈ মেঘালয়ৰ দিশে লৈ যোৱা প্ৰত্যক্ষ কৰিছে অঞ্চলটোৰ লোকসকলে । যাৰ বাবে গৰুৰ সৈতে বাংলাদেশলৈ ইউৰীয়া সাৰ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন লোকসকলে ।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |