টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা কেন্দ্ৰীয় সমিতিৰ সংবাদমেল =

সংবিধান সংশোধন কৰি হলেও টাই আহোমক জনজাতিকৰণ কৰাৰ দাবী । 

১৯ ডিচেম্বৰত মৰাণত কেন্দ্ৰীয়ভাৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিব । 

পৰবৰ্তী সময়ত ৰাজ্যজুৰি জংগী আন্দোলন কৰিব টাই আহোম যুৱ পৰিষদে ।

টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ নামত মূখ্যমন্ত্ৰীয়ে মিথ্যাচাৰ কৰিছে । জনজাতিকৰণ বিষয়ক লৈ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আহোম সংগঠনৰ নেতৃত্বৰ এখনি বৈঠক অনুষ্ঠিত কৰাৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে । কিন্তু, আজিলৈকে অনুষ্ঠিত কৰা নাই । সেয়েহে, জনজাতিকৰণৰ দাবীত ১৯ ডিচেম্বৰত মৰাণত কেন্দ্ৰীয়ভাৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিব । পৰবৰ্তী সময়ত ৰাজ্যজুৰি জংগী আন্দোলনৰ হুংকাৰ টাই আহোম যুৱ পৰিষদৰ । 

তদুপৰি, সংসদৰ অধিবেশত আহোম লেণ্ডৰ বিষয়ত আলোচনা কৰাৰ দাবী টাইপাৰ । 'টাই আহোম উন্নয়ণ পৰিষদ' বৰ্তমান এচাম লোকৰ বাবে 'সোনৰ কণি পৰা হাঁহ'লৈ পৰিনত হোৱাৰ অভিযোগ টাইপাৰ । চিএম ভিজিলেন্সৰ যোগেদি তদন্ত কৰাৰ দাবী টাই আহোম যুৱ পৰি

ষদৰ ।