২ডিচেম্বৰ ২০২২ত গঠিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ বাৰহপূজীয়া আঞ্চলিক সমিতিয়ে নিজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শুক্ৰবাৰে উল্লহ মালহেৰে পালন কৰে।

    এই দক্ষিণ বাৰহপূজীয়া খাপলাংকুছী প্ৰাথমিক বিদ্যালয় ত দুপৰিয়া ৩বজাত সমিতি অধক্ষ্য দুদুল শৰ্মাৰ সভাপতিত্বত আৰু অকনিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক অবনী কুমাৰ শইকিয়াৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা সভাত কন শিশু সকলে গীত, কবিতা আবৃতি,বক্তৃতা প্ৰদান কৰি সকলোকে আপ্লুত কৰাৰ লগতে সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।

   লগতে প্ৰতিষ্ঠা দিৱস উপলক্ষে ক,খ আৰু গ তিনি শাখাত অনুষ্ঠিত হোবা চিত্ৰাংকন প্ৰতিযোগিতা ত বিজয়ী প্ৰতিযোগী সকলক এখন এখন মানপত্ৰ আৰু চিত্ৰাংকন গ্ৰন্থ প্ৰদান কৰি পুৰস্কৃত কৰা হয়।

   প্ৰতিষ্ঠা দিৱস ত অকনিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি,বাৰহপূজীয়া আঞ্চলিক সমিতিৰ ৰ প্ৰতিনিধি সহ স্থানীয় ৰাইজ,অবিভাবক,অবিভাবিকা আৰু শতাধিক কন কন শিশু সকল উপস্থিত থাকে।

      অকনিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতিয়ে ৩০ তম্ আৰু সংগীত কাননে ১৭তম্ প্ৰতিষ্ঠা দিৱস অহা ৬ আৰু ৭জানুবাৰীত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে কেন্দ্ৰীয় সমিতিৰ প্ৰধান পৰিচালক অবনী কুমাৰ শইকিয়া,প্ৰধান সম্পাদক ৰন্টু মুদৈ সহ বিনোবা ৰাজবংশীক সভাপতি, মহেশ্বৰ দাসক উপ সভাপতি হিচাপে লৈ ৩১ জনীয়া উদযাপন সমিতি গঠন কৰাৰ লগতে বিভিন্ন বিভাগৰ উপ সমিতি গঠন কৰা হৈছে।

    প্ৰতিষ্ঠা দিৱস উপলক্ষে ইতিমধ্যে কবিতা ঘৰৰ ছাত্ৰ ছাত্ৰী সকলে ভাৰত নাট্যম,সত্ৰীয়া নৃত্য, তবলা বাদন ৰ আখৰাত ব্যস্ত হৈ পৰিছে।