ৰহা দেবাগুৰী নিবাসী বিশিষ্ট শিক্ষাবিদ,সংস্কৃত পণ্ডিত, ধৰ্মপ্ৰান ব্যক্তি, ৰাষ্ট্ৰীয়, ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত,সমাজকৰ্মী তথা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ ভগৱান চন্দ্ৰ গোস্বামীৰ আজি আদ্যশ্ৰাদ্ধ উপলক্ষে স্মৃতিচাৰন সভা অনুষ্ঠিত হয়।
আজি দিনৰ ২ বজাত ৰহা দেবাগুৰী স্থিত বাসগৃহত কংকেশ্বৰ গোস্বামীৰ পৰিচালনাত অনুষ্ঠিত হোবা স্মৃতিচাৰন সভাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ প্ৰতিনিধি ৰ লগতে পৰিয়ালবৰ্গৰ দ্বাৰা প্ৰয়াত গোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি বিদেহী আত্মাশান্তী ৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে সভাত উপস্থিত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা,ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন উপাধ্যক্ষা দ্বিপ্তী দেৱী শৰ্মা,প্ৰয়াত গৌস্বামীৰ ভাতৃ ড° ৰমেশ গোস্বামী,জোঁবাই ড° সঞ্জয় শৰ্মাই প্ৰয়াত ভগৱন চন্দ্ৰ গোস্বামীৰ দ্বাৰা শিক্ষা ৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অবদানৰ ওপৰত বক্তব্য ৰাখে।
স্মৃতিচাৰন সভাত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ মনিৰাম নাথ, প্ৰাক্তন শিক্ষক মাধব চন্দ্ৰ নাথ, বিনোবা ৰাজবংশী, ভদ্ৰকান্ত নাথ, নগাঁও জিলা ব্ৰাহ্মণ সমাজ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ প্ৰতিনিধি, প্ৰয়াত বিশিষ্ট শিক্ষাবিদ গোস্বামী ৰ পুত্ৰ,কন্যা, বোৱাৰী,নাতি সহ পৰিয়ালবৰ্গ আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।